ei muhurtar khabar  
মুখ্য-পৃষ্ঠা

ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ৰায়দান: নিৰ্যাতনৰ অপৰাধত ২০বছৰৰ কাৰাদণ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ, ওদালগুৰি: নাৱালিকাক শাৰীৰিক নিৰ্যাতনৰ অপৰাধত সোমবাৰে ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে লাল বাহাদুৰ ছেত্ৰী নামৰ অপৰাধীক পকছ' আইনৰ অধীনত ২০বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমণা বিহে। ঘটনাটো সংঘটিত হৈছিল ২০২২ চনত ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত ৩ নম্বৰ কুন্দৰবিল গাঁৱত।

অপৰাধী লাল বাহাদূৰ ছেত্ৰীয়ে একেখন গাওঁৰে ১২বছৰীয়া নাৱালিকা এগৰাকীক নিজৰ ঘৰলৈ ফুচুলাই নি ধনৰ প্ৰলোভনেৰে শাৰীৰিক নিৰ্যাতন চলাইছিল। উক্ত ঘটনাটো পৰিয়ালৰ লোকে প্ৰায় তিনি মাহ পিছত গম পাই হৰিশিঙা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬(এবি) তথা প‌কছ' আইনৰ অধীনত ৪/২০২৩ নম্বৰত এক গোচৰ ৰুজু কৰি ধৰ্ষণকাৰী লাল বাহাদুৰ ছেত্ৰীক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰে।

পৰৱৰ্তী সময়ত উক্ত গোচৰটো ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত ৮৩/২০২৩ নম্বৰত ৰুজু হৈ শুনানি আৰম্ভ হয়। কেইৱাটাও শুনানিৰ অন্তত আজি এন‌এছ দেউৰীৰ আদালতে উক্ত ৰায়দান প্ৰদান কৰি ধৰ্ষণকাৰীক শাস্তি বিহে।