AGRANI KHABAR  
মুখ্য-পৃষ্ঠা

ওদালগুৰি জিলা সত্ৰ ন্যায়ধীশ আদালতৰ ৰায়দানঃ হত্যাৰ অপৰাধত ৫জনক যাৱজ্জীৱন কাৰাদণ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ বৃহস্পতিবাৰে ওদালগুৰি জিলা সত্ৰ ন্যায়ধীশৰ আদালতে এক গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে। হত্যাৰ অপৰাধত পাঁচগৰাকী অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে প্ৰতিগৰাকীৰ পৰা ১০হাজাৰ টকাকৈ জৰিমনা বিহে।

ঘটনাটো সংঘটিত হৈছিল ২০১৭ চনৰ ৫ মে' তাৰিখে। উক্ত দিনাখন ওদালগুৰি জিলাৰ কলাইগাওঁ ৰাৰক্ষী থানাৰ অন্তৰ্গত বৰঝাৰ বাগিচা মছজিদত দিনৰ প্ৰায় ১বজাত প্ৰসাদ বিতৰণক লৈ গাওঁখনৰ মঃ জমিৰুদ্দিন শেখ(৪৬)ৰ সৈতে কেইগৰাকীমান লোকৰ তৰ্ক বিতৰ্কৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ পাছত পৰিৱেশ স্বাভাৱিক হোৱাত সকলোৱে মছজিদৰ পৰা ঘৰলৈ যায়।

কিন্তু সেই দিনটোতেই আবেলি জমিৰুদ্দিনৰ ঘৰত কেইগৰাকীমান লোকে অনাধিকাৰ প্ৰৱেশ কৰি পৰিয়ালৰ লোকসকলক অতৰ্কিতে দা, ডেগাৰ, ৰদ, লাঠিৰে আক্ৰমণ কৰি পলায়ন কৰে। উক্ত ঘটনাত পৰিয়ালটোৰ ছহিদ জামাল গুৰুত্বৰভাৱে আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ আইচিইউত ভৰ্তি হোৱাৰ লগতে আন সদস্যসকলক মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

কিন্তু পৰৱৰ্তী সময়ত গুৰুত্বৰভাৱে আহত ছহিদ জামালে মৃত্যুক আকোৱালি লয়। ঘটনা সন্দৰ্ভত পৰিয়ালৰ সদস্য নফল‌ উদ্দিন শেখে পিছদিনা স্থানীয় ভকতপাৰা আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছিল। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৮/১৪৯/৩০২/৩৪ নম্বৰ ধাৰাৰ অধীনত ৪৩/১৭ নম্বৰত এক গোচৰ ৰুজু কৰে।

উক্ত গোচৰ সন্দৰ্ভত আদালতত চলা যুক্তি তৰ্কৰ অন্তত এছ এন দেউৰীৰ আদালতে আজি পাঁচগৰাকী অপৰাধী ক্ৰমে তমচেৰ আলী, লাল মিঞা, আইবৰ আলী, বাদছা মণ্ডল আৰু গাজিবৰ ৰহমানক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰাৰ লগতে প্ৰতিগৰাকীৰ বিৰুদ্ধে দহ হাজাৰ টকাকৈ জৰিমনা বিহে।