মুখ্য-পৃষ্ঠা

পুন:গঠন আলফা স্বাধীনৰ নিম্ন পৰিষদৰ কাৰ্যকৰী সমিতি

Asomiya Pratidin

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ সাম্প্ৰতিক প্ৰেক্ষাপটৰ সকলো দিশ পৰ্যালোচনা কৰি আলফা স্বাধীনৰ উচ্চতম পৰিষদে নিম্ন পৰিষদৰ আন্তঃগাঁথনিত এক নতুন বিভাগ অন্তৰ্ভুক্তিৰে কাৰ্যকৰী সমিতিখন পুন:গঠন কৰে। সংগঠনৰ সর্বসন্মত সিদ্ধান্তমৰ্মে এই প্ৰস্তাৱ গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমলৈ প্ৰেৰিত এক বিবৃতিত সশস্ত্ৰ সংগঠনটোৱে সদৰি কৰিছে ।

উল্লেখ্যযোগ্য যে ২ জুনৰ পৰা এই নতুন সমিতিখনক কাৰ্যকৰীকৰণ কৰা হয়। সেই অনুসৰি নিম্ন পৰিষদৰ কাৰ্যকৰী সমিতিত পর্যবেক্ষক হিচাপে দায়িত্ব ন্যস্ত কৰা হৈছে লেফটেনেন্ট জেনেৰেল মাইকেল অসমক।

সেইদৰে লেফটেনেন্ট জেনেৰেল নয়ন অসমক সভাপতি, মেজৰ জেনেৰেল অৰুণোদয় অসমক সাধাৰণ সম্পাদকৰ লগতে বিত্ত সম্পাদকৰ দায়িত্ব, ব্রিগেডিয়াৰ গণেশ অসম আৰু ব্রিগেডিয়াৰ ৰূপম অসমক যুটীয়া সহকাৰী বিত্ত সম্পাদক, মেজৰ জেনেৰেল সমীৰণ অসমক সাংগঠনিক সম্পাদক (অবৈতনিক) ৰ দায়িত্ব প্ৰদান কৰে।

সমান্তৰালকৈ, ছেকেণ্ড লেফটেনেন্ট জিৎ অসম আৰু ছেকেণ্ড লেফটেনেন্ট সংগীতা অসমক যুটীয়া সহকাৰী সাংগঠনিক সম্পাদক, মেজৰ জেনেৰেল সুজিত অসমক সাংস্কৃতিক সম্পাদক (অবৈতনিক), কর্ণেল দীপাংকৰ অসম (অবৈতনিক) আৰু ছেকেণ্ড লেফটেনেন্ট অনুৰাগ অসমকযুটীয়া সহকাৰী সাংস্কৃতিক সম্পাদক, কর্ণেল প্রাণময় অসমক জনস্বাস্থ্য বিভাগৰ সম্পাদক, মেজৰ আইচেং অসমক ভাৰপ্ৰাপ্ত প্ৰচাৰ সম্পাদক, ছেকেণ্ড লেফটেনেন্ট ঈশান অসমক সহকাৰী প্ৰচাৰ সম্পাদক,লেফটেনেন্ট কর্ণেল প্রজীত অসমক কাৰ্যালয় পৰিচালক আৰু ছেকেণ্ড লেফটেনেন্ট চের্জা অসমক সহকাৰী কাৰ্যালয় পৰিচালকৰ দায়িত্ব অৰ্পণ কৰা হয়।

অন্যহাতে জ্যেষ্ঠতাৰ ভিত্তিত ৫ গৰাকীক সামৰিক বিভাগৰ সন্মানীয় আয়োগ বিষয়াৰ দায়িত্ব ন্যস্ত কৰা হৈছে । ইফালে উচ্চতম পৰিষদৰ সভাপতিৰ ওপৰত বৈদেশিক সম্পাদকৰ দায়িত্ব সাময়িকভাৱে ন্যস্ত থাকিব । লগতে উপ-সভাপতি আৰু সভাপতিৰ ওপৰতো অতিৰিক্ত দায়িত্ব ন্যস্ত থাকিব বুলি সংবাদ মাধ্যমলৈ প্ৰেৰিত বিবৃতিটোত প্ৰকাশ পাইছে।