মুখ্য-পৃষ্ঠা

বাজেটত কৃষকক বিশেষ গুৰুত্বঃ '২০২৪-২৫ বাজেট' প্ৰস্তুতৰ ৯টা বিশেষ দিশৰ কথা কলে বিত্তমন্ত্ৰীয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২০২৪-২৫ৰ সাধাৰণ বাজেটত কৃষকৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে। কৃষকসকলৰ বাবে ১০হাজাৰটা জৈৱ গৱেষণা কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা বিত্তমন্ত্ৰীৰ। কৃষিৰ বাবে ১.৫২লাখ কোটি টকা ধাৰ্য এইবাৰৰ বাজেটত। ৫ কোটি কৃষকক স্থায়ী ভূমি পট্টা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে।  

ইফালে বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা যে, আগন্তুক ৫বছৰলৈ কৃষকসকলক ফ্ৰী খাদ্য সামগ্ৰী প্ৰদান কৰিব কেন্দ্ৰই। লগতে আগন্তুক ৫বছৰত দেশত উন্নত আৰু বিজ্ঞানসন্মত কৃষিপদ্ধতিৰ ক্ষেত্ৰ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হব বুলি ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।

বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, বিকশিত ভাৰতৰ বাবে এইবাৰ বাজেটত বিশে ৯টা দিশত গুৰুত্ব প্ৰদান কৰা হৈছে।

১. কৃষি আৰু উতপাদন

২. ৰোজগাৰ আৰু দক্ষতা বিকাশ

৩. মানৱ সংসাধন বিকাশ আৰু সামাজিক ন্যায়

৪. বিনিয়োগ আৰু সেৱা

৫. চহৰাঞ্চলৰ বিকাশ

৬. দেশৰ গ্ৰামাঞ্চলৰ আন্তঃগাথঁনি নিৰ্মাণ

৭. নৱপ্ৰজন্মৰ বাবে নিয়োগ সৃষ্টি

৮. সকলোধৰণৰ উদ্যোগৰ বিকাশ

৯.  ডিজিটেল খণ্ডৰ বিকাশ সাধন