মুখ্য-পৃষ্ঠা

পি এফ আইৰ গুৰুত্বপূৰ্ণ বৈঠকত ভাৰতৰ একমাত্ৰ প্ৰতিনিধি ৰূপে অংশ গ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কেন্দ্রীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্রী পবিত্র মাৰ্ঘেৰিটাই বুধবাৰে অনুষ্ঠিত প্রশান্ত মহাসাগৰীয় দ্বীপসমূহৰ গোট চমুকৈ পি এফ আইৰ অংশীদাৰী দেশসমূহৰ এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। ৫৩ সংখ্যক প্রশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ দেশৰ নেতাসকলৰ এই অধিৱেশনত মন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে।

এই অধিৱেশনত মন্ত্ৰীগৰাকীয়ে প্রশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ দেশৰ লগতে আঞ্চলিক নেতাসকলৰ সৈতে মত বিনিময় কৰে। এই সভাত ভাৰতৰ লগতে দক্ষিণ কোৰিয়া, আমেৰিকা, জাপান, ন'ৰৱে, ফ্রান্স আদিকে দৰি প্ৰায় ২১খন দেশে অংশ লয়।

আলোচনাত অংশ লৈ কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্রী পবিত্র মাৰ্ঘেৰিটাই প্রশান্ত মহাসাগৰীয় দ্বীপ দেশসমূহৰ উন্নয়নমূলক আকাংক্ষা আৰু জলবায়ু পৰিৱৰ্তনক লৈ দেশসমূহৰ একত্রিত প্রচেষ্টা তথা প্রত্যাহ্বান অতিক্ৰম কৰাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাৰ সন্দৰ্ভত বক্তব্য ৰাখে।

এই অধিৱেশনত জাপান, কোৰিয়া, আমেৰিকা, ইংলেণ্ড, ছিংগাপুৰ, চীন আদি দেশৰ মন্ত্ৰী আৰু বিশেষ ৰাষ্ট্ৰদূতসকল প্রতিনিধি হিচাপে উপস্থিত থাকে। ভাৰতবৰ্ষৰ সৈতে প্রশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ দেশসমূহৰ নেতাসকলৰ মঞ্চৰ লগত থকা সুসম্পৰ্কৰ বাবে এই অধিৱেশনত ভাৰতক প্রথমে বক্তৃতা প্রদানৰ বাবে সুযোগ দিয়া হয়।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই এই অধিৱেশনত ভাষণ প্রদান কৰি প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ দেশসমূহৰ উন্নয়নমূলক আশা-আকাংক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে প্রত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ বাবে ভাৰতে চলাই থকা প্রচেষ্টাসমূহ পুনৰ দৃঢ়তাৰে উল্লেখ কৰে।

মন্ত্রী মাৰ্ঘেৰিটাই তেওঁৰ বক্তব্যত ২০২৩চনত অনুষ্ঠিত তৃতীয় এফ আই পি আই চি শীর্ষ সম্মিলনত প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে উল্লেখ কৰা এক্সন প্লেনৰ ৰূপৰেখাৰ সন্দৰ্ভতো বিস্তৃত বিৱৰণ দাঙি ধৰে। ইয়াৰ লগতে মন্ত্রীগৰাকীয়ে প্রশান্ত মহাসাগৰীয় দ্বীপসমূহৰ ১৪খন দেশত 'কুইক ইমপেক্ট প্রজেক্ট' ৰূপায়ণৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰ কথা জানিবলৈ দিয়ে।

'১২ পইন্ট এক্সন প্লেন'ৰ ৰূপৰেখা দাঙি ধৰি তেওঁ ইয়াৰ অধীনত ফিজিৰ চুভাত ১০০ খন বিচনাযুক্ত আঞ্চলিক চুপাৰস্পেচিয়েলিটি হাস্পতাল, পাপুৱা নিউগিনিৰ আঞ্চলিক আই টি আৰু চাইবাৰ চিকিউৰিটি ট্রেনিং হাৱ, অহা পাঁচ বছৰত ১০০০ বৃত্তি, ডায়েলাইছিচ ইউনিটৰ যোগান আৰু জেনেৰিক দৰৱৰ ফাৰ্মাচীৰ আউটলেট স্থাপন আদি বিষয়সমূহো ভাষণ প্রসংগত আলোকপাত কৰে। এই প্ৰকল্পৰ জৰিয়তে জনসাধাৰণৰ তাৎক্ষণিক প্রয়োজনীয়তাসমূহ পূৰণ কৰাৰ লগতে সমগ্ৰ অঞ্চলটোৰ উন্নয়নমূলক ফলাফল বৃদ্ধি কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।