মুখ্য-পৃষ্ঠা

পৰাজয়ৰ দায়িত্ব মূৰ পাতি লৈছোঃ উত্তৰ প্ৰদেশ বিজেপি সভাপতিৰ পদত্যাগ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দলৰ এই পৰাজয়ৰ দায়িত্ব মই স্বীকাৰ কৰিছো। আমাৰ ৰণনীতিত কোনোবাখিনিত থকা সুৰুঙাৰ বাবেই হয়তো পূৰ্বতকৈ অতি বেয়া ফলাফল আমি পালো। সেইবাবে মই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলো।– উত্তৰ প্ৰদেশত বিজেপিৰ শোচনীয় ফলাফলৰ পাছতে ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডালৈ এনেদৰেই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে ৰাজ্যিক সভাপতি  ভূপেন্দ্ৰ চৌধুৰীয়ে।

ৰাষ্ট্ৰীয় নেতৃত্বই এতিয়ালৈকে এই পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই যদিও ভূপেন্দ্ৰ চৌধুৰীয়ে পুনৰ এই পদ গ্ৰহণ নকৰো বুলি স্পষ্ট কৰি দিছে। উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ বিজেপি নেতা তথা উপ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাণাণ্ডিজেও পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বলৈ।

মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰত বিজেপিৰ শোচনীয় প্ৰদৰ্শনৰ দায়িত্ব স্বীকাৰ কৰিছিল আৰু আগন্তুক সময়ত দলৰ হৈ অধিক সক্ৰিয়তাৰে কাম কৰাৰ বাবে উপ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰিছিল।

২০২৪ৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ মুঠ ৮০খন আসনৰ ভিতৰত বিজেপিয়ে ৩৩খন আসনতে সন্তুষ্ট থাকিবলগীয়া হয়। যি উত্তৰ প্ৰদেশত বিজেপিয়ে ৬০ৰো অধিক আসনত লাভ কৰিছিল সেই ৰাজ্যখনত এনে শোচনীয় প্ৰদৰ্শনক লৈ কেন্দ্ৰীয় নেতৃত্বইও পৰ্যালোচনা সভাৰ আয়োজন কৰিছে।