মুখ্য-পৃষ্ঠা

আমেৰিকাৰ উমা গ্ল'বেলৰে শৈক্ষিক বুজাবুজি চুক্তি সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : কামৰূপ মিৰ্জাস্থিত ডায়েট কামৰূপে গুণগত মানৰ বিকাশৰ লগে লগে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মূল্যায়নৰ বাবে অচিৰেই সাজু হোৱা উচিত - এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক ড° যোগেন চন্দ্ৰ কলিতাৰ। যোৱা ২৬ জুলাইত ডায়েট কামৰূপ,মিৰ্জাত অনুষ্ঠিত হোৱা 'এই মাহৰ অতিথি' শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকে অধ্যাপকগৰাকী।

তেঁও কয় যে অসমৰ শিক্ষকক প্ৰশিক্ষণ দিয়া প্ৰতিষ্ঠানসমূহ সৰ্বোৎকৃষ্ট হোৱাটো অসমৰ শিক্ষা ব্যৱস্থাৰ প্ৰধান অগ্ৰাধিকাৰ হোৱা উচিত। ভাষণ প্ৰসংগত তেখেতে অসমত শিক্ষক শিক্ষা বিশ্ববিদ্যালয় স্থাপনৰ পোষকতা কৰে।

তেখেতে স্কুলীয়া শিক্ষা আৰু উচ্চ শিক্ষাৰ সেঁ‌তু হিচাপে, প্ৰশিক্ষণ তথা বিদ্যায়তনিক সাহচৰ্য আৰু গৱেষণা প্ৰতিষ্ঠান হিচাপে ডায়েট কামৰূপক সবল ৰূপত জিলিকাই তুলিবলৈ আহ্বান জনাই অধ্যাপকগৰাকীয়ে। তাৰ বাবে প্ৰতিষ্ঠানটোৰ বিষয়া কৰ্মচাৰী, প্ৰশিক্ষাৰ্থী তথা সংলগ্ন ৰাইজ আদি সকলোৰে সদিচ্ছা আৰু কষ্টৰ প্ৰয়োজন হ'ব।

এই আপাহতে অধ্যাপকগৰাকীয়ে শৈক্ষিক নেতৃত্বৰ ক্ষেত্ৰখনত কৰ্মৰত আমেৰিকাৰ নিউয়ৰ্কস্থিত উমা গ্ল'বেল নামৰ শৈক্ষিক প্ৰতিষ্ঠানটোৰ সৈতে ডায়েট কামৰূপৰ এক শৈক্ষিক সহযোগৰ বাট মুকলি কৰি দি আন্তঃৰাষ্ট্ৰীয় সংগঠনটোৰে শৈক্ষিক বুজাবুজিৰ চুক্তি সম্পন্ন কৰাই দিয়ে। তেখেতে কয় যে ডায়েটসমূহৰ সামগ্ৰিক কামৰ পৰিধি খুব সীমিত পৰিসৰত আবদ্ধ কৰি ৰাখিলে এই প্ৰতিষ্ঠানসমূহ আগুৱাব নোৱাৰিব।

বিশ্ববিদ্যালয় পৰ্যায়ৰ চিন্তাৰে ডায়েট কামৰূপে আগুৱাব লাগিব। তাৰ বাৱে কেৱল ৰাজ্যিক বা স্থানীয় পৰ্যায়ত আৱদ্ধ হৈ নাথাকি নাকৰ দৰে ৰাষ্ট্ৰীয় প্ৰত্যায়ন পৰিষদৰ দ্বাৰা মূল্যায়ন কৰাবলৈ পৰামৰ্শ দিয়ে অধ্যাপক যোগেন কলিতাই।

এইক্ষেত্ৰত অসমৰ ডায়েটসমূহৰ ভিতৰতে প্ৰথম পদক্ষেপ হিচাপে ডায়েট কামৰূপে ৰাষ্ট্ৰীয় মূল্যায়ন পদ্ধতি শিকি বুজি আগবঢ়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰাত অধ্যাপক কলিতাই ডায়েট কামৰূপৰ অধ্যক্ষা সমন্বিতে আভ্যন্তৰীণ মান নিৰূপন কোষক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ চতুৰ্থ বৰ্ষপুৰ্তিত আয়োজিত শিক্ষা সপ্তাহৰ কাৰ্যসূচী ৰূপায়ণৰ চলি থকাৰ মাজতে এই বিশেষ কাৰ্যসূচীয়ে ডায়েট পৰিয়ালক যথেষ্ট উপকৃত কৰে বুলি অধ্যক্ষা ড° পংকজা বৰুৱাই জানিবলৈ দিয়ে। বিশেষকৈ অধ্যাপক কলিতাই আমেৰিকাৰ উমা গ্ল'বেল ফাউণ্ডেশ্যনৰ সৈতে ডায়েট কামৰূপৰ সৈতে আন্তৰ্জাতিক শৈক্ষিক সাহচৰ্য লাভৰ বাবে সম্পন্ন কৰাই দিয়া বুজাবুজি চুক্তিয়ে নতুন সম্ভাৱনা কঢ়িয়াব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানটোৰ সবিশেষ ব্যাখ্যা কৰে প্ৰবক্তা ড° শিৰোমণি ভূঞাই। অনুষ্ঠানটো পৰিচালনা কৰে তৃষ্ণা বৰ্মন আৰু অপূৰ্ব নাথে।

আলোচ্য বিষয়ৰ সাৰাংশ দোহাৰে প্ৰৱক্তা উপাসনা শইকীয়া আৰু পম্পী তালুকদাৰে। সদৌশেষত অধ্যাপক যোগেন চন্দ্ৰ কলিতাই ডায়েট কামৰূপৰ বহুমুখী কৰ্মৰ শলাগ লয় আৰু যাৱতীয় সহায় সহযোগিতা প্ৰদানৰ আশ্বাস দিয়ে।