মুখ্য-পৃষ্ঠা

আজিও ঘোষণা নহয় বিনেশৰ আবেদনৰ সিদ্ধান্ত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজিও ঘোষণা নহয় বিনেশ ফোগাটৰ আবেদনৰ সিদ্ধান্ত।  বিনেশ ফোগাটক পেৰিছ অলিম্পিকৰ মল্লযুঁজৰ ৫০ কেজি শাখাৰ ফাইনেলৰ বাবে অযোগ্য ঘোষণা কৰা সিদ্ধান্তৰ বিৰুদ্ধে আন্তৰ্জাতিক ক্ৰীড়া আদালতত আবেদন দাখিল কৰিছিল।

এই গোচৰৰ ৰায় প্ৰথমে শনিবাৰে দিয়াৰ কথা আছিল যদিও সেই ৰায় দেওবাৰলৈ স্থগিত ৰখা হৈছিল। কিন্তু আজিও ঘোষণা নহয় এই আবেদনৰ সিদ্ধান্ত। ১৩আগষ্টতহে আবেদনৰ সিদ্ধান্ত ঘোষণা কৰিব আন্তজাৰ্তিক ক্ৰীড়া আদালতে।

উল্লেখযোগ্য যে পেৰিছ অলিম্পিকত মল্লযুঁজৰ ৫০ কেজি শাখাৰ ফাইনেলৰ পূৰ্বে বিনেশ ফোগাটৰ ওজন ১০০ গ্ৰাম অধিক হোৱাৰ বাবেই তেওঁক প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছিল। ইয়াৰ পাছতেই বিনেশ ফোগাত আন্তৰ্জাতিক ক্ৰীড়া আদালতত দুখন আবেদন কৰিছিল।

তেওঁ এখন আবেদনত পুনৰ এবাৰ ওজন কৰিবলৈ আবেদন কৰিছিল যদিও সেই আবেদন আদালতে অগ্ৰাহ্য কৰিছিল। ইয়াৰ পিছতে প্ৰতিযোগিতাখনত তেওঁক ৰূপৰ পদক দিবলৈ আবেদন কৰিছিল। এই আবেদন গ্ৰহণ কৰি শুকুৰবাৰে প্ৰায় ৩ ঘণ্টা ধৰি বিচাৰ চলিছিল। এই বিচাৰৰ পিছত প্ৰথমে শনিবাৰে সিদ্ধান্ত দিয়া কথা আছিল যদিও দেওবাৰলৈ পিছুৱাই দিয়া হৈছিল। কিন্তু আজিও ঘোষণা নকৰে বিনেশৰ আবেদনৰ সিদ্ধান্ত।