মুখ্য-পৃষ্ঠা

বিজ্ঞাপনৰ পৰা ভাৰতৰ কোনে আটাইতকৈ বেছি টকা উপাৰ্জন কৰে, জানেনে?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিজ্ঞাপনত অভিনয় কৰি সৰ্বাধিক ধন উপাৰ্জন কৰা তালিকাত প্ৰথম স্থান দখল কৰিলে ক্ৰিকেটাৰ বিৰাট কোহলীয়ে। বলিউদৰ বহু নামী-দামী অভিনেতাক চেৰ পেলাই এই তালিকাত শীৰ্ষস্থান দখল কৰিলে ক্ৰিকেটাৰ বিৰাট কোহলীয়ে। ২০২৩ বৰ্ষত বিজ্ঞাপনৰ পৰা হোৱা উপাৰ্জন প্ৰায় ২৯শতাংশ বৃদ্ধি পালে কোহলীৰ। ২০২৩ত কোহলীয়ে ২২.৭০কোটি ডলাৰ অৰ্থাত ভাৰতীয় মূল্যত ১,৮৯১কোটি টকা উপাৰ্জন কৰিছে।

এই তালিকাৰ দ্বিতীয় স্থানত আছে ৰণবীৰ সিং। অভিনেতা ৰণবীৰে ২০২৩ত ২০.৩১কোটি ডলাৰ অৰ্থাত ১,৬৮৬কোটি টকা উপাৰ্জন কৰিছে। বিৰাট কোহলীৰ পূৰ্বে বিজ্ঞাপনৰ পৰা সৰ্বাধিক ধন উপাৰ্জন কৰা তালিকাৰ প্ৰথম স্থানত আছিল ৰণবীৰ সিং।

বিৰাট, ৰণবীৰৰ পাছতে এই তালিকাত তৃতীয় স্থানত আছে শ্বাহৰুখ খান। ধাৰাবাহিকভাৱে ছুপাৰহিট চিনেমা উপহাৰ দিয়াৰ পাছত শ্বাহৰুখ খানৰ বেণ্ড ভেল্যু যথেষ্ট বৃদ্ধি পাইছে। পূৰ্বে এই তালিকাত দশম স্থানত থকা অভিনেতাগৰাকী ২০২৩চনত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। ২০২৩ত শ্বাহৰুখে বিজ্ঞাপনৰ পৰা ১,০০২কোটি টকা উপাৰ্জন কৰিছে।

ইফালে এই তালিকাখনৰ চতুৰ্থ স্থানত আছে অভিনেতা অক্ষয় কুমাৰ। অক্ষয়ে এই ২০২৩ত বিজ্ঞাপনৰ পৰা ১১.১৭কোটি ডলাৰ উপাৰ্জন কৰিছে। পঞ্চম স্থানত আছে আলিয়া ভট্ট। আলিয়াই ২০২৩ত উপাৰ্জন কৰিছে ১০.১১কোটি ডলাৰ। আৰু ষষ্ঠ স্থানত থকা দিপীকা পাডুকণে ২০২৩ত ৯.৬কোটি ডলাৰ বিজ্ঞাপন পৰা উপাৰ্জন কৰিছে।

লক্ষ্যণীয়ভাৱে এই তালিকাত সপ্তম স্থানত আছে মহেন্দ্ৰ সিং ধোনী। ধোনীয়ে বিজ্ঞাপনৰ পৰা ২০২৩বৰ্ষত উপাৰ্জন কৰিছে ৯.৫৮কোটি ডলাৰ। ধোনীৰ পাছতে তালিকাৰ অষ্টম স্থানত আছে শচীন তেণ্ডুলকাৰ। এই তালিকাৰ দশম স্থানত আছে ছলমান খান।