মুখ্য-পৃষ্ঠা

Vishwakarma Puja: আজি 'বিশ্ব খনিকৰ' বিশ্বকৰ্মা পূজা...

Dimpul Borgohain

ডিজিটেল ডেস্কঃ আজি বিশ্বকৰ্মা পূজা। এই পূজা ঐশ্বৰিক শিল্পী বিশ্বকৰ্মাৰ আশীৰ্বাদ বিচাৰি আয়োজন কৰা হয়। বিশ্বকৰ্মাক বেদত জগতৰ সৃষ্টিকৰ্তা বুলি বৰ্ণনা কৰা হৈছে। ভাদমাহৰ সংক্ৰান্তিত অনুষ্ঠিত কৰা বিশ্বকৰ্মা পূজা হৈছে হিন্দুসকলৰ এক ধৰ্মীয় উৎসৱ।

আজি সমগ্ৰ ৰাজ্যতেই উদযাপন হ'ব বিশ্বকৰ্মা পূজাৰ । ৰাজ্যৰ মৃৎ শিল্পী সকলো ব্যস্ত হৈ পৰিছিল কেইবা সপ্তাহ পূৰ্বেই ।  ৰাজ্যৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ গুৱাহাটী মহানগৰীটো ৰাতিৰে পৰা পৰিলক্ষিত হয় বিশ্ব খনিকৰ গৰাকীৰ উপাসনাৰ প্ৰস্তুতি ।  কামাখ্যাৰ সমীপৰ বিশ্বকৰ্মা মন্দিৰত ৰাতিপুৱাৰে পৰা দেখা গ'ল ভক্তপ্ৰাণ ৰাইজৰ ভীৰ । 

উল্লেখ্য যে, পুৰীৰ জগন্নাথ মন্দিৰৰ অৰ্ধ নিৰ্মিত জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ মূৰ্তিৰো খনিকৰ আছিল বিশ্বকৰ্মা ।  সত্যযুগত ৰাজত্ব কৰা ৰজা ইন্দ্ৰদূম্নই বিশ্বকৰ্মাৰ সৈতে কৰা চুক্তি অনুসৰি মূৰ্তি তিনিটি সম্পূৰ্ণ নোহোৱালৈ কোনো কাৰণতে নিৰ্মান কাৰ্য চাবলৈ যাবনোৱাৰিছিল কিন্তু এই চুক্তি ভংগ কৰাৰ বাবে বিশ্ব খনিকৰে অৰ্ধ নিৰ্মাণতেই অদৃশ্য হৈ গৈছিল আৰু তেনে অৱস্থাতেই ৰৈ গ'ল নিৰ্মাণ কাৰ্য ।

বিশ্বকৰ্মা পুৰাণ অনুসৰি নাৰায়ণে প্ৰথমে ব্ৰহ্মা আৰু তাৰ পাছত বিশ্বকৰ্মাক সৃষ্টি কৰিছিল। বিশ্বকৰ্মা নামৰ অৰ্থই হৈছে বিশ্বব্ৰহ্মাণ্ডৰ স্থাপতি । বিশ্বকৰ্মাই সৃজনীশীল শক্তিৰ বলত গোটেই বিশ্বকেই ধৰি ৰাখিছে।

বিশ্বকৰ্মাৰ ১০৮টা বিভিন্ন নাম আছে। তাৰ ভিতৰত বাচস্পতি, মনোজৱ, বদান্য, কল্যাণকৰ্মা আৰু বিধাতা আদি প্ৰধান। বিশ্বকৰ্মাক ৰামায়ণত বৰ্ণিত ভৱিষ্যৎ আৰু চহকী নগৰ লংকাৰ সৃষ্টিকৰ্তা বুলি কোৱা হয়। উপবেদ, অৰ্থবেদ আৰু চতুশাস্তিকালৰ ৰচক। তেওঁ দেৱপুৰী, দেৱষ্ট্ৰা আদিৰ নিৰ্মাতাও। কিংবদন্তি অনুসৰি বিশ্বকৰ্মাও নিৰ্মাণ কৰিছিল পুৰীৰ বিখ্যাত জগন্নাথ মূৰ্তি।

ভগৱান বিশ্বকৰ্মাক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টিকৰ্তা বুলি কোৱা হয়। তেওঁক বিশ্বৰ প্ৰথম অভিযন্তা বুলিও কোৱা হয়। প্ৰাচীন কালৰে পৰাই শিল্পী বিশ্বকৰ্মাৰ এখন সুকীয়া আসন আছে। কাৰণ তেওঁ অকল মৰ্ত্যৰে নহয়, দেৱতাসকলৰো শিল্পী বুলি বিশ্বাস কৰা হয়।

সেয়ে যিসকলে শিল্পকৰ্মত পাৰদৰ্শিতা লাভ কৰিব বিচাৰে, তেওঁলোকে বিশ্বকৰ্মাৰ অনুগ্ৰহ আৰু কৃপা কামনা কৰি বিশ্বকৰ্মা পূজা কৰে। ভাদমাহৰ সংক্ৰান্তিত কল-কাৰখানা সমূহত বেছ আড়ম্বৰপূৰ্ণভাৱে বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা হয়।

কেৱল যে কৰ্মজীৱি মানুহেই বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰে এনে নহয় । বিশ্বব্ৰহ্মাণ্ডৰ নিৰ্মাণ কৰোঁতা এইজনা ভগৱান বিশ্বকৰ্মাক শিশু, ডেকা, বৃদ্ধ সকলোৱে পূজা কৰি নিজ গৃহ, নিজ বাহন আদিৰ ওপৰত যাতে কৃপা দৃষ্টি সদায় বৰ্তাই ৰাখে, তাৰ বাবে আশীষ বিচাৰে ।