মুখ্য-পৃষ্ঠা

বিধানসভা নিৰ্বাচন ২০২৪ঃ ছিকিমত জয়ৰ দিশে SKM...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুৱা ৬বজাৰ পৰা অৰুণাচল বিধান সভা নির্বাচনৰ ভোটগণনা অব্যাহত আছে। ইতিমধ্যে শাসকীয় বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে ১০খন আসন লাভ কৰাৰ উপৰিও বৰ্তমানৰ লৈকে ৪১খন আসন লাভ কৰিছে বিজেপিয়ে। ৮খন আসনত আগবাঢ়ি আছে এন পি ই পি। এন চি পি আগবাঢ়ি আছে মুঠ ৩খন আসনত। ২খন আসনত আগবাঢ়ি আছে পি পি এ।

ইফালে ৩২খন আসনৰ বাবে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ছিকিমত। ছিকিমত ২৯খন আসনত আগবাঢ়ি আছে ছিকিম ক্ৰান্তিকাৰী মৰ্চা। আনহাতে এখন আসন লাভ কৰিছে ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টে।

উল্লেখযোগ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ এই দুয়োখন ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচন যোৱা ১৯ এপ্রিলত অনুষ্ঠিত হৈছিল। অৰুণাচল প্রদেশত ২৪টা ভোট গণনা কেন্দ্র স্থাপন কৰা হৈছে আৰু ২হাজাৰৰো অধিক নির্বাচনী বিষয়া গণনা প্রক্রিয়াত নিয়োগ হৈছে। দেওবাৰে বিধানসভা নিৰ্বাচনৰ ভোটগণনা হোৱাৰ বিপৰীতে ৰাজ্য দুখনৰ লোকসভা আসনৰ ভোটগণনা অহা ৪ জুনত হ'ব।