মুখ্য-পৃষ্ঠা

ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত নৱাগত আদৰণি সভা

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: “এখন সুশৃংখলিত আৰু মানৱতাবাদী সমাজ গঢ়িবলৈ শিক্ষিত মানুহতকৈ সৎ নাগৰিকৰ অতীৱ প্ৰয়োজন। নিজকে মানৱ দৰদী সৎ নাগৰিক হিচাবে প্ৰতিষ্ঠা কৰিবলৈ সৰল, বিনয়ী, নম্ৰ আৰু সুশিক্ষিত গুণৰ অধিকাৰী হোৱাটো নিতান্তই জৰুৰী। কিন্তু বৰ্তমান সমাজ ব্যৱস্থাত শিক্ষিত নাগৰিক বহু পৰিমানে উপলব্ধ। কিন্তু সৎ মানৱতাবাদী আৰু সু শিক্ষিত মানৱ সম্পদ বিচাৰি পোৱাতো কষ্টসাধ্য। ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত মঙলবাৰে এই মন্তব্য কৰে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ,প্ৰবীণ শিক্ষাবিদ পূৰ্ণানন্দ গগৈযে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বীকৃতি প্ৰাপ্ত ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ২০২৪-২৫ বৰ্ষৰ নৱাগত আদৰণী সভাৰ মূল কাৰ্যসূচী উদ্বোধন কৰি দিয়া ভাষণত পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈয়ে আজি এই মন্তব্য আগবঢ়াই প্ৰতিজন ন পুৰণি প্ৰশিক্ষাৰ্থীক সুশিক্ষিত হোৱাৰ সমান্তৰালভাৱে সৎ নাগৰিক হিচাবে আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামত ব্ৰতী হোৱাৰ আহ্বান জনায়। আদৰণি সভাৰ প্ৰথম কাৰ্যসূচী মঙলবাৰে পুৱা সমূহীয়া চাফাই কৰা পাছতে গছপুলি ৰোপন, স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়৷

পৰৱৰ্তী সময়ত সকলো প্রশিক্ষক প্রশিক্ষাৰ্থী কৰ্মচাৰীৰ উপস্থিতিত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই। মহাবিদ্যালয়লৈ আগমন ঘটা নৱাগতসকলক সভক্তিৰে উৰুলি মঙলবাণীৰে আদৰণি জনোৱাৰ পাছতে তৃতীয় ষান্মাষিকৰ প্ৰশিক্ষাৰ্থী ৰক্তিম বুঢ়াগোহাঁই পৰিচালনাত ন-পুৰণি প্ৰশিক্ষাৰ্থীসকলৰ মাজত আত্মিক ভাৱ বিনিময় কৰি মহাবিদ্যালয় পৰিয়ালৰ এজন হিচাবে পৰিচিত হোৱাৰ সুযোগেৰে অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্টিত কৰা হয় ৷

ইয়াৰ পাছতে মুকলি সভাৰ বন্তি প্ৰজলন কৰে মহাবিদ্যালয়ৰ চ'চাইটি ফ'ৰ টিচাৰ এডুকেশ্বনৰ সভাপতি, অৱসৰপ্ৰাপ্ত শিক্ষাবিদ ভোলানাথ গগৈয়ে৷ মহাবিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশিত শ্ৰুতিমধুৰ বৃন্দ গানেৰে শুভাৰম্ভ হোৱা মুকলি সভাখন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈয়ে মননশীল বক্তব্যৰে শুভ উদ্বোধন কৰে ৷

অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত জনাকীৰ্ণ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই হাৰ্হি মহাবিদ্যালয় অধ্যক্ষ মানসজ্যোতি নেওগে ৷ নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি হাৰ্হি মহাবিদ্যালয় সহকাৰী অধ্যাপক ৰাজেশ চেতিয়াই বক্তব্য আগবঢ়োৱা সভাত মহাবিদ্যালয়ৰ প্ৰথম আৰু তৃতীয় ষান্মাষিকৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশিত নৃত্য গীতে মুকলি সভা বাঙ্ময় কৰি তোলে ।

সন্ধিয়ালৈ ন পুৰণি প্ৰশিক্ষাৰ্থী সকলৰ ভিন্ন ধৰ্মী সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ পশ্চিম ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষা দুলু শইকীয়াই উদ্বোধন কৰা সাংস্কৃতিক কাৰ্যসূচীত মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা অভিনীত "চুইচাইড নোট" শীর্ষক নাটৰ নিখুঁত আৰু সাৱলীল অভিনয়ে উপস্থিত দৰ্শক শ্ৰোতাক সন্মোহিত কৰে ।