মুখ্য-পৃষ্ঠা

কাৰ ভুলৰ বাবে দুৰ্ঘটনাত পতিত হ’ল কাঞ্চনজংঘা এক্সপ্ৰেছ? তদন্ত কৰিব ৰে'ল সুৰক্ষা বিভাগে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সোমবাৰে পশ্চিমবংগত সংঘটিত ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ সন্দৰ্ভত বিধিগত তদন্ত কৰিব। ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ৰ অধীনৰ উত্তৰ পূব সীমান্ত ৰে'লৱেৰ ৰে'ল সুৰক্ষা বিভাগৰ মুখ্য আয়ুক্ত শ্রী জনক কুমাৰ গার্গে এই কথা জানিবলৈ দিযে।

এই দুর্ঘটনা সন্দর্ভত বিতংভাৱে জ্ঞাত লোকসকলক উপযুক্ত প্রমাণসহ সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছে। চীফ কমিছনাৰ অৱ ৰে'লৱে চেফটি, নর্ডার্ণ চার্কল ছাফডর্জং ৰে'লৱে ষ্টেচন বিল্ডিং চাণক্যপুৰী, নিউ দিল্লী ১১০০২১ত যোগাযোগ কৰি তদন্ত কার্যত সহায় কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে ১৯ জুনত পুৱা ১০ বজাৰ পৰা এডিআৰএম/এনজেপিৰ চেম্বাৰত এই তদন্ত অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে, সোমবাৰে সংঘটিত কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু মালবাহী ৰেলৰ সংঘৰ্ষত ৯ জন লোকৰ মৃত্যু হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়াৰ তথ্য অনুসৰি নিহতসকলৰ ভিতৰত ৭জন যাত্ৰী আৰু দুজন ৰে’লৱে কৰ্মচাৰী আছিল।

ইয়াৰেপৰি দুর্ঘটনাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূৱ সীমান্ত ৰেলৱেই কেইবাখনো ৰেলৰ চলাচল বাতিল কৰাৰ লগতে আন কেইবাখনো ৰেলৰ গতিপথ সলনি আৰু যাত্ৰাৰ সময় পুনৰনির্ধাৰণ কৰিছে। সেই অনুসৰি কাটিহাৰ শিলিগুৰি ইন্টাৰচিটি এক্সপ্ৰেছ আৰু নিউ জলপাইগুৰি হাওৰা শতাব্দী এক্সপ্ৰেছৰ আৰম্ভণি আৰু উভতনি যাত্ৰাৰ লগতে শিলিগুৰি যোগবাণী ইণ্টাৰচিটি এক্সপ্ৰেছ মঙলৰ যাত্রা বাতিল কৰা হৈছে।

ইপিনে, নিউ জলপাইগুৰি-নিউ দিল্লী ছুপাৰফাষ্ট এক্সপ্রেছে পুনৰ নির্ধাৰিত সময় অনুসৰি মঙলবাৰৰ দিনৰ ১২ বজাত যাত্রা আৰম্ভ কৰিব। আনহাতে, এই এক্সপ্রেছৰ যাত্রাপথ সলনি কৰি আলোৱাবাৰী- শিলিগুৰি-নিউ জলপাইগুৰি ৰেলপথেৰে যাতায়াত নির্ধাৰণ কৰা হৈছে।