বাওঁ হাতেৰে পূজাৰ পূস্পাঞ্জলি প্ৰদান আৰু গ্ৰহণ কৰিলে কি হয়? পৰে নেকি আপোনাৰ জীৱনত প্ৰভাৱ, চাওক... 
মুখ্য-পৃষ্ঠা

বাওঁ হাতেৰে পূজাৰ পূস্পাঞ্জলি প্ৰদান আৰু গ্ৰহণ কৰিলে কি হয়? পৰে নেকি আপোনাৰ জীৱনত প্ৰভাৱ, চাওক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পূজা অৰ্চনা আগবঢ়োৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নাপায় বাওঁ হাত। যিকোনো সামগ্ৰী আদান-প্ৰদান কৰাৰ ক্ষেত্ৰত বাওঁ হাতৰ পৰিৱৰ্তে সদায় ব্যৱহাৰ কৰিব লাগে সোঁ হাত। এইদৰেই আমাৰ সমাজত এক চিন্তা বা ব্যৱস্থা প্ৰচলন হৈ আহিছে।

জ্যেষ্ঠজনে কনিষ্ঠক সদায়েই এই নীতিশিক্ষা দি আহিছে। কিন্তু প্ৰশ্ন হ’ল ইয়াৰ আঁৰৰ কাৰণ কি? কিয় পূজা-অৰ্চনা আগবঢ়োৱাৰ সময়ত অথবা পূজাৰ পূস্পাঞ্জলি গ্ৰহণ কৰাৰ সময়ত আমাক বাওঁ হাতৰ পৰিৱৰ্তে সোঁ হাত ব্যৱহাৰ কৰিবলৈ দিয়া হয়? ইয়াৰ আঁৰত শাস্ত্ৰ অনুসৰি আছে নেকি কিবা নিয়ম? এনে শুভ কামত বাওঁ হাত ব্যৱহাৰ কৰিলে মানুহ জীৱনত কিবা প্ৰভাৱ পৰে নেকি? এনে বিভিন্ন প্ৰশ্ন সাধাৰণতে আপোনাৰো মনত উদয় হ’ব পাৰে।

আপুনি জানি হয়তো আচৰিত হ’ব বিশ্বৰ মুঠ জনসংখ্যাৰ ৯০ শতাংশ লোকেই সোঁ হাতেৰে সকলো কাম কৰি ভাল পায়। সোঁ হাতেৰে কাম কৰিবলৈ সুবিধাজনক হয়। যিকোনো দৰকাৰী কামত বাওঁ হাতৰ পৰিৱৰ্তে সোঁহাত ব্যৱহাৰ কৰে।

সেয়ে পূজা অৰ্চনা কৰাৰ সময়তো সোঁ হাতেই ব্যৱহাৰ কৰি মানুহে ভাল পায়। ইয়াৰ উপিওৰ আন এক কাৰণ হ’ল ভাৰতীয় মানুহে শৌচ কৰাৰ পাছত পৰিস্কাৰ কৰিবলৈ বাওঁ হাত ব্যৱহাৰ কৰে। সেয়ে নিজৰেই দেহৰ অংশ বাওঁ হাতখনক অশুচি বুলি গণ্য কৰে।

কিন্তু শাস্ত্ৰত এই বিষয়ে কোনো নিয়মৰ কথা উল্লেখ নাই। ঈশ্বৰ আৰধনা কৰাৰ সময়ত, পূজা, অৰ্চনা কৰাৰ সময়ত পূস্পাঞ্জলি অৰ্পণ কৰিবলৈ বা গ্ৰহণ কৰিবলৈ সোঁ হাতেই ব্যৱহাৰ কৰিব লাগিব বুলি শাস্ত্ৰই ক’তো উল্লেখ কৰা নাই।

সেয়েহে ইচ্ছা কৰিলে বাওঁ হাতো এই কামত ব্যৱহাৰ কৰিব পাৰে। প্ৰচলিত নিয়ম অনুসৰি পূৰ্বৰ সাধু, পুৰোহিতসকলে নিজা চিন্তাৰে এনে ধৰণৰ নিয়ম তৈয়াৰ কৰিছিল বুলি জানিব পৰা যায়। সেয়ে এয়া এক প্ৰচলিত ৰীতিহে।

পুৰোহিত দৰ্পণত অৱশ্যে এই বিষয়ে উল্লেখ আছে। ইয়াত পূজা কৰাৰ সময়ত হাতৰ ব্যৱহাৰৰ কথা উল্লেখ আছে। কিন্তু বাওঁহাতৰ জৰিয়তে যে পুস্পাঞ্জলি অৰ্পণ কৰিব নোৱাৰিব বা সোঁহাতেৰেহে কৰিব লাগে তেনে কোনো নিয়ম অৱশ্যে পোৱা নাযায়।