মুখ্য-পৃষ্ঠা

বিহালীত কোন হ'ব ৰঞ্জিত দত্তৰ উত্তৰসূৰী?

Asomiya Pratidin

ডিজিটেল সংবাদ,বিহালীঃ শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাবে বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত বিজয়ী হোৱাৰ পিছৰে পৰা উপ-নিৰ্বাচন আসন্ন হৈ পৰা বিহালী সমষ্টিত স্বাভাৱিকে চৰ্চা চলিছে কোন হ'ব ৰঞ্জিত দত্তৰ উত্তৰসূৰী ৷

ইতিমধ্যে বিহালী বিধানসভা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে শাসক বিৰোধী উভয়ে কুচকাৱাজ আৰম্ভ কৰিছে ৷ নিৰ্বাচনৰ দিন ঘোষণা নোহোৱাকৈয়ে একাংশ প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। দেশত চৰকাৰ গঠনৰ পিছতে ৰঞ্জিত দত্ত দিল্লীৰ পৰা আহি বিহালীত উপস্থিত হোৱাৰ লগে লগেই ৰাজনীতি গৰম হৈ উঠিছে বিহালীত।

বিহালীৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰিবলৈ পদত্যাগ পত্ৰ সাজু কৰিছে ৰঞ্জিত দত্তই ৷ সকলো জনগোষ্ঠীক লগত লৈ বিহালীৰ উন্নয়ন সাধন কৰিব পৰা এজন ব্যক্তি বিহালীৰ বিধায়ক হোৱাটো বিচাৰে ৰঞ্জিত দত্তই ৷

নতুন বিধায়ক গৰাকীয়ে মাত্ৰ ডেৰ বছৰ কাৰ্যকাল লাভ কৰিব আৰু এইখিনি সময়ত বিহালীৰ উন্নয়ন সাধন হোৱাটোৱেই কাম্য বিহালীৰ পৰা ৪ বাৰকৈ বিধায়ক হোৱা শোণিতপুৰৰ সাংসদ গৰাকীৰ ৷

বিজেপি দলত যেতিয়া আছো দলে যি গৰাকী প্ৰাৰ্থীক প্ৰাৰ্থীত্ব দিয়ে সেই গৰাকী প্ৰাৰ্থীকে জিকাব লাগিব বুলি মন্তব্য কৰে ৰঞ্জিত দত্তই ৷ আনহাতে প্ৰাৰ্থীত্বক লৈ বিহালী বিজেপিত অন্তঃকন্দলৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

সমষ্টিটোত কুচকাৱাজ আৰম্ভ কৰা পল্লব লোচন দাসক কোনো কাৰণতে গ্ৰহণ নকৰে বুলি বিজেপিৰ একাংশ নেতা কৰ্মীয়ে মুকলিকৈ বিদ্ৰোহত নামিছে ৷ ২০২১ চনৰ নিৰ্বাচনত বিহালীত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰা জয়ন্ত বৰাই সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ পূৰ্বে লগত পাঁচ শতাধিক সমৰ্থকক লৈ যোগদান কৰিছিল ভাৰতীয় জনতা পাৰ্টীত।

বিহালীত উপ-নিৰ্বাচনৰ দিন ঘোষণা নকৰাকৈয়ে দলীয় টিকট লাভ নকৰাকৈয়ে বিজেপিৰ একাংশ নেতা কৰ্মীয়ে জয়ন্ত বৰাৰ হৈ বিহালী সমষ্টিৰ বিভিন্ন গাঁৱে-ভূঞে চলাইছে নিৰ্বাচনী প্ৰচাৰ। যাৰ বাবে এতিয়া অস্বস্তিত পৰিছে মুখ্যমন্ত্ৰীৰ ব্লু আইড বই পল্লৱ লোচন দাস ৷

ৰঞ্জিত দত্তক সাংসদ হিচাবে নিৰ্বাচিত কৰি পল্লব লোচন দাসক বিহালীত সংস্থাপিত কৰা মুখ্যমন্ত্ৰীৰ সপোনত খোদ আউল লগাইছে বিজেপি নেতা-কৰ্মীয়ে ৷ ইফালে বাঘমৰা মণ্ডলৰ SC মৰ্চাৰ সভাপতি গৰাকীয়ে মুকলিকৈ বিজেপিৰ ৰাজ্যিক সম্পাদক পল্লৱ লোচন দাসৰ বিৰোধীতা কৰি প্ৰয়োজন হ'লে বিজেপি-নেতা কৰ্মীয়ে জয়ন্ত বৰাক নিৰ্দলীয় হিচাবে প্ৰক্ষেপ কৰিব বুলি হুংকাৰ দিছে ৷