মুখ্য-পৃষ্ঠা

২৮জুলাই, আজি বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি প্ৰকৃতি সংৰক্ষণ দিৱস। প্ৰতিবছৰে ২৮জুলাই তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস পালন কৰা হয়। এই দিনতো প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে স্মাৰক দিন। এক সুস্থিৰ আৰু স্বাস্থ্যৱান সমাজৰ আধাৰ হিচাপে স্বাস্থ্যকৰ পৰিৱেশৰ বিষয়ে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে এইবছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে - পৰিৱেশ সুৰক্ষা বৃদ্ধিৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু নীতি সংস্কাৰৰ পোষকতা কৰা।

প্ৰকৃতি সংৰক্ষণৰ বাবে প্ৰতিজন মানুহ দায়বদ্ধ আৰু প্ৰতিজন ব্যক্তিয়ে পৰিৱেশ সুৰক্ষাৰ বাবে অংশগ্ৰহণ কৰা উচিত। আমি একেলগে বৰ্তমানৰ লগতে ভৱিষ্যত প্ৰজন্মৰ কল্যাণ নিশ্চিত কৰিবলৈ এক বহনক্ষম বিশ্বৰ দিশত কাম কৰিব লাগিব।

প্ৰকৃতি সংৰক্ষণৰ দিশে হাত আগুৱাবলৈ কোনো জমা পুঞ্জী ভাঙিব নালাগে বা ধন দাতা বা বিনিয়োগকাৰীৰ ওচৰলৈও যোৱাৰ প্ৰয়োজন নাই। প্ৰকৃতি সংৰক্ষণৰ উপায় হৈছে সৰল দৈনন্দিন কাৰ্যকলাপৰ জৰিয়তে নিজৰ পৰিয়ালৰ সৈতে সৰু কিন্তু গুৰুত্বপূৰ্ণ পদক্ষেপত জড়িত হোৱা আৰু নিজৰ ঘৰৰ পৰাই এক বৃহৎ পাৰ্থক্য আনিবলৈ চেষ্টা কৰা।

আমাৰ প্ৰাকৃতিক সম্পদ ৰক্ষাৰ সৰ্বোত্তম অনুশীলন সম্পৰ্কে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে বিশ্বজুৰি আজিৰ দিনটোত 'বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস' পালন কৰা হয়। আমি সংকল্পবদ্ধ হ'ব লাগে যাতে আমাৰ সেউজীয়া ধৰণীক চিৰকাল সেউজীয়া কৰি ৰাখিব পাৰোঁ।