মুখ্য-পৃষ্ঠা

নগাঁৱত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলা স্বাস্থ্য বিভাগৰ সহযোগত আৰু জিৰণি বেচৰকাৰী অনুষ্ঠানৰ উদ্যোগত জিলাখনৰ তেঁতেলীসৰা গাঁৱত শুকুৰবাৰে বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন কৰা হয় ৷ সদৌ অসম সতী ৰাধিকা সমন্বয় সমিতিৰ সভাপতি মণিৰাম দাসে সভাপতিত্ব কৰা সভাখনত ধঁপাতে জীৱন আৰু পৰিয়াল ধংস কৰাৰ বিষয়ে বিশিষ্ট সমাজ সেৱক সতৰাম দাসে সদৰি কৰে ৷

মাদক দ্ৰব্যৰ পৰা বিৰত থাকিবলৈ ভক্ত দাস, মহেশমোহন হাজৰিকা আৰু প্ৰাৰ্থনা বৰায়ে ৰাইজক আহ্বান জনায় ৷ সভাপতি মণিৰাম দাসে মাদক দ্ৰব্য নিবাৰণ কৰাত নগাঁও জিলা স্বাস্থ্য বিভাগ আৰু জিৰণিৰ ভূমিকাক প্ৰশংসা কৰে ৷ বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে এক পথ সজাগতা অনুষ্ঠিত কৰি ৰাইজক সচেতন কৰা হয় ৷ নগাঁও জিলা স্বাস্থ্য বিভাগৰ বিষয়া পাৰ্থ প্ৰতিম সেনাপতি দেৱে এই সমূহ কাৰ্যসূচীত আন্তৰিক সহযোগিতা আগবঢ়ায় ৷