মুখ্য-পৃষ্ঠা

শিলচৰত ৬ কোটিৰ য়াবা টেবলেট জব্দঃ ৩ জনক গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰঃ শিলচৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। গোপন তথ্যৰ ভিত্তিত শিলচৰ-আইজলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঘুংগুৰ বাইপাছত অভিযান চলাই আৰক্ষীয়ে ২০ হাজাৰ নিচাজাতীয় YABA টেবলেট জব্দ কৰে।

এখন চাৰি চকীয়া বাহনৰ গোপন চেম্বাৰত লুকুৱাই টেবলেটখিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ‌ পৰা বহিঃ ৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল।‌

জব্দকৃত টেবলেট খিনিৰ বজাৰ মূল্য ৬ কোটি টকা বুলি আৰক্ষীয়ে সদৰি কৰিছে। ড্ৰাগছ সৰবৰাহৰ অভিযোগত ঘুংগুৰ আৰক্ষীয়ে ৩ জন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।ধৃত লোক কেইজন ক্ৰমে জিৰিঘাট লালপানীৰ নিজাম উদ্দিন, জিৰিঘাট ৰামজোজামৰ ডিমদুয়ানলুং ৰংমাই আৰু শিলচৰ শিলডুবিৰ কামাল উদ্দিন ।