মুখ্য-পৃষ্ঠা

সলনি হৈ যাব আপোনাৰ জীৱন, যদিহে মানি চলে এই ৬টা কথা…

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমীয়া ডাকৰ বচনৰ দৰে চাণক্যইও ৬হাজাৰো অধিক নীতি শ্লোক,অৰ্থশাস্ত্ৰ,বিষ্ণুগুপ্ত সিদ্ধান্ত,লঘু চাণক্য আদি মনোগ্ৰাহী গ্ৰন্থ লেখি থৈ গৈছে।তেওঁৰ নীতি শ্লোকবোৰ আদৰ্শ জীৱন-যাপনৰ বাবে বেদৰ বচনৰ দৰে। দেশ,কাল, পাত্ৰ নিৰ্বিশেষে এই শ্লোকবোৰে নীতিমূলক কিছুমান চিৰন্তন সত্য যুগে যুগে প্ৰচাৰ কৰি আহিছে। আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাব পৰা তেওঁৰ কেইটিমান নীতি শ্লোক দাঙি ধৰা হৈছে।

  • অতিদৰ্পে হত লঙ্কা অতিমানে চ কৌৰবা:

অতিদানে বলিবৰ্দ্ধ:সৰ্বমত্যন্ত গৰ্হিতম

অৰ্থাৎ অতিশয় দৰ্পৰ কাৰণে লঙ্কা নাশ হ’ল,অভিমানৰ বাবে কৌৰৱ বিনাশ হ’ল,অতিশয় দানৰ বাবে বলি বন্ধনত সোমাল।সকলোৰে অতিমাত্ৰা নিন্দনীয়।

  • অনিত্যানি শৰীৰাণি বিভবো নৈব শাশ্বত:

নিত্যং সন্নিহিতো মৃত্যু:কৰ্ত্তবো ধৰ্ম্মসঞ্চয়।

অৰ্থাৎ-শৰীৰ অস্থায়ী,ধনসম্পদ স্থায়ী নহয়,মৃত্যু দিনে দিনে ওচৰ চাপি আহিছে,ধৰ্ম উপাৰ্জন কৰাহে কৰ্ত্তব্য।

  • অন্নদাতা ভয়যাত্ৰা কন্যাদাতা অথৈব চ।

জনয়িতোপনেতা চ পঞ্চৈতে পিতৰ: স্মৃতা:

অৰ্থাৎ-যিজনে অন্নদান কৰে,যিয়ে ভয়ৰ পৰা ৰক্ষা কৰে,যি কন্যাদান কৰে,যিজনে জন্ম দিয়ে,যিজনে শিক্ষা দিয়ে এই পাঁচ গৰাকীক পিতৃ বুলি শাস্ত্ৰই কয়।

  • আকৌ মাতা গুৰো:পত্নী ব্ৰহ্মণী ৰাজপত্নিকা।

ধেনুৰ্ধাত্ৰী তথা পৃথ্বী সপ্তৈতে মাতৰ:স্মৃতা:

অৰ্থাৎ মাতৃ,গুৰু পত্নী,ব্ৰাহ্মণী,ৰাজপত্নী,দুগ্ধ্বতী গাই,ধাত্ৰী আৰু পৃথিৱী-এই সাতগৰাকীক মাতৃ বুলি শাস্ত্ৰই কয়।

  • কুদেশঞ্চ কুবৃত্তিঞ্চ কুৰ্ভায্যাং কুনদীন্তথা।

কুদ্ৰব্যঞ্চ কুভোজঞ্চ বৰ্জ্জয়েচ্চ বিচক্ষণ:

অৰ্থাৎ বুদ্ধিমান লোকে কুদেশ,কুব্যৱসায় ,কুভাৰ্য্যা ,বেয়া পানীৰ নদী,বেয়া বস্তু,বেয়া খাদ্য বৰ্জন কৰে।

  • জীৰ্ণ মন্ন্ং প্ৰশ্ংসেচ্চ ভাৰ্যাঞ্চ গত যৌবনাম।

ৰণাৎ প্ৰত্যাগত্ং শুৰং শস্যঞ্চ গৃহমাগতম।

অৰ্থাৎ হজম হোৱাৰ পিছতহে খাদ্যক,যৌৱন কাল শেষ হ’লেহে ভাৰ্য্যাক ,যুদ্ধৰ পৰা ফিৰি আহিলেহে বীৰক আৰু ঘৰলৈ অহাৰ পিছতহে শস্যক প্ৰশংসা কৰা উচিত।