মুখ্য-পৃষ্ঠা

জুবিনে কেৱল গানহে ভাল গাব পাৰেঃ জুবিনক উভতি ধৰিলে বিধায়ক প্ৰশান্ত ফুকনে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জুবিন কোন হয় ভাই?  জুবিনে দুটামান গান ভালকৈ গালে বুলিয়ে, তেওঁৰ মুখেৰে কোৱা কথা বেদৰ বাক্য হৈ যাব নেকি?  শেহতীয়াকৈ অসমীয়া ভাষাক লৈ কৰা মন্তব্যৰ বাবে বিৰ্তকত সোমাই পৰা জুবিন গাৰ্গক এনেদৰেই উভতি ধৰিলে বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে।

সংবাদমাধ্যমৰ আগত প্ৰশান্ত ফুকনে জুবিনৰ এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি কয়- জুবিনে কোৱা সকলো কথাই বেদ বাক্য নহয়। জুবিনে গানহে ভাল গায়, সকলো কথাতে জুবিনে কোৱা কথা শুদ্ধ আৰু সত্য নহয়। জুবিনৰ কথাত কোনো মেতেৰিয়েল নাই। জুবিনৰ লিভাৰ বেলেগ বেলেগ ঠাইত থাকে নেকি বুলিও প্ৰশ্ন কৰে বিজেপিৰ বিধায়কগৰাকীয়ে।

ইফালে দীঘলীপুখুৰীৰ গছ কটাক লৈ অব্যাহত ৰখা প্ৰতিবাদক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী মহোদয়ে গছ নাকাটো বুলি আশ্বাস দিয়াৰ পাছতো কিয় প্ৰতিবাদ কৰি আছে সেই কথা আমি বুজি পোৱা নাই। এই প্ৰতিবাদত ৰাজনীতি জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰে প্ৰশান্ত ফুকনে।

উল্লেখ কৰা প্ৰয়োজন যে, জুবিন গাৰ্গে অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতিক লৈ কৈছিল যে, দেশৰ কেৱল এটাই ধ্ৰুপদী ভাষা আছে। সেয়া হৈছে সংস্কৃত। অসমীয়াৰ ভাষাৰ বয়স মাত্ৰ ২০০বছৰ।‘  জুবিনৰ এই মন্তব্যৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে বিজ্ঞজনে জুবিনৰ এই মন্তব্যক তীব্ৰ গৰিহণা দিছিল।