জীৱন শৈলী

আমিশাৰ সৌন্দৰ্যৰ ৰহস্যৰ বিষয়ে আপুনিও জানি লওঁক

Asomiya Pratidin

ডিজিটেল ডেস্ক: দীৰ্ঘসময়ৰ পাছত পুনৰ চৰ্চালৈ আহিছে এসময়ৰ সকলোৰে সপোনৰ ৰাণী আমিশা পেটেল।হয়, মুক্তিৰ অপেক্ষাত থকা ‘গডাৰ-২’ৰ শেহতীয়া মুক্তিপ্ৰাপ্ত এটা গীত এতিয়া ভাইৰেল হৈ পৰিছে। য’ত আমিশাক ষোড়সী গাভৰু যেন দেখা গৈছে। আমিশাৰ বয়স বৰ্তমান ৪৮ বছৰ। কিন্তু ‘গডাৰ-২’ৰ ট্ৰেইলাৰ আৰু গানটোত আমিশাক দেখি ইমান ধুনীয়া কেনেকৈ হৈ আছে বুলি সকলোৰে মনত প্ৰশ্ন উত্থাপিত হৈছে। আপুনিও হয়তো আমিশাৰ দৰেই উজ্জ্বল ছাল-চুলিৰে বয়সক ধৰি ৰাখিব বিচাৰে, তেন্তে আমিশাৰ সৌন্দৰ্যৰ ৰহস্যৰ বিষয়ে জানি লওঁক-

ফেচ মাস্ক

আমিশাই মুখৰ উজ্জ্বলতা বজাই ৰাখিবলৈ পাকঘৰত থকা উপাদানবোৰৰ সহায় লয়।তেওঁ গাখীৰ বা দৈৰ সৈতে এক চিকুট হালধি আৰু বেচন মিহলি কৰি মুখত প্ৰয়োগ কৰে। তেওঁৰ মতে, বজাৰত সহজে উপলব্ধ ৰাসায়নিক পদাৰ্থৰ সৈতে ক্ৰীম প্ৰয়োগ কৰাৰ পৰিৱৰ্তে ঘৰত থকা কিছুমান উপাদানৰ সহায়তেই মুখখন উজ্জ্বল কৰাটো ভাল।

মেকআপৰ পৰা আঁতৰি থাকিব

আমিশাই মেক আপ একেবাৰে ভাল নাপায়। কামৰ খাতিৰত মেকআপ কৰিব লাগিলেও তাৰ পাছত তেওঁ মুখখন পৰিস্কাৰ কৰে আৰু সদায় ময়েশ্চাৰাইজাৰ প্ৰয়োগ কৰে।

ভাল আহাৰ

ধুনীয়া হৈ থাকিবলৈ আহাৰৰ বিশেষ যত্ন লয় এইগৰাকী অভিনেত্ৰীয়ে। তেওঁৰ উজ্জ্বল ছালৰ ৰহস্যও এই স্বাস্থ্যকৰ আহাৰ। অভিনেত্ৰীগৰাকীয়ে নিয়মীয়াকৈ সেউজীয়া পাচলি আৰু সতেজ ফলৰ ৰস খায়। ইয়াৰ উপৰিও আমিশাই নাৰিকলৰ পানীও খায়। নাৰিকলৰ পানী ছালৰ লগতে স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী। আপুনিও সুস্বাস্থ্যৰ বাবে দৈনিক এগিলাচ নাৰিকল পানী খাব পাৰে।

ব্যায়াম 

আমিশাৰ মতে, আমি যিমানে ব্যায়াম কৰোঁ, আমাৰ শৰীৰৰ পৰা সিমানেই ঘাম ওলায়। ঘামৰ জৰিয়তে ছালত থকা লেতেৰাখিনিও আঁতৰ হয়। যদি আপুনিও আমিশা পেটেলৰ দৰে উজ্জ্বল ছাল বিচাৰে, তেন্তে নিয়মীয়াকৈ ব্যায়াম কৰক।

ডাঠ চুলিৰ বাবে বাদাম তেল

এক সাক্ষাৎকাৰত আমিশাই জনোৱা মতে, তেওঁ চুলিত কাঠবাদাম তেল প্ৰয়োগ কৰে।তেওঁৰ আইতাকে ১৫-১৭ টা বিভিন্ন প্ৰকাৰৰ আয়ুৰ্বেদিক সামগ্ৰীৰ পৰা এবিধ তেল তৈয়াৰ কৰে।যিটো তেওঁ চুলিৰ যত্ন ল'বলৈ ব্যৱহাৰ কৰে। কেৱল এয়াই নহয়, তেওঁ চুলিত কেঁচা কণীও ব্যৱহাৰ কৰে।