জীৱন শৈলী

ছাল-চুলিৰ যত্নত কিদৰে কলৰ বাকলি ব্যৱহাৰ কৰিব লাগে, জানি লওঁক

Asomiya Pratidin

ডিজিটেল ডেস্ক: কল হৈছে এবিধ অতি স্বাস্থ্যকৰ ফল। ইয়াত থকা ভিটামিন, কেলচিয়াম, পটাছিয়ামে স্বাস্থ্যক বহু লাভালাভ প্ৰদান কৰে।কলটোৰ দৰেই ইয়াৰ বাকলিও অতি উপকাৰী।আচৰিত যেন লাগিলেও এয়া একেবাৰেই সঁচা। হয়, কলৰ বাকলিৰে সৌন্দৰ্যচৰ্চা কৰি আপুনি পাৰ্লাৰৰ নামত খৰচ হোৱা টকা ৰাহি কৰিব পাৰে। কলৰ বাকলিয়ে ছাল সম্পৰ্কীয় বহুতো সমস্যাৰ সমাধান কৰে।ইয়াত থকা এণ্টি-অক্সিডেণ্ট, ফেটি এচিডে ছালৰ জ্বলা-পোৰা, ছাল-চকুৰ তল ক’লা পৰা, ছালৰ দাগ আঁতৰোৱাত সহায় কৰে।পিছে ছালৰ যতনত আপুনি কলৰ বাকলি কিদৰে ব্যৱহাৰ কৰিব, জানি লওঁক-

- কলৰ বাকলি আপুনি পোনপটীয়াকৈ মুখত ঘঁহিব পাৰে। ই মৃত কোষবোৰ দূৰ কৰি ছালখন উজ্জ্বল কৰাত সহায় কৰে।

-আপুনি কলৰ বাকলি স্ক্ৰাব হিচাপেও ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে কলৰ বাকলিখিনি পিছি লৈ তাত এক চিমুটি হালধি আৰু এক চামুচ মৌ প্ৰয়োগ কৰি মুখখন স্ক্ৰাব কৰিব। কলৰ বাকলিবোৰে ছালৰ ছিদ্ৰবোৰ টান কৰে। মৌ আৰু হালধিয়ে ছালক উজ্জ্বলতা প্ৰদান কৰাৰ লগতে ছালখন সতেজ কৰি ৰাখে।

- যিসকল মহিলাৰ মুখৰ ছাল কোঁচ খোৱা বা শালমইনাৰ সমস্যা আছে, তেওঁলোকৰ বাবেও কলৰ বাকলি খুব উপকাৰী।ইয়াৰ বাবে কলৰ বাকলিৰ পেষ্ট তৈয়াৰ কৰি তাত এক চামুচ মৌ আৰু অলপ নেমুৰ ৰস মিহলি কৰিব।তাৰ পাছত এই পেষ্টটো মুখত ১০ মিনিট মানৰ বাবে লগাই ৰাখিব।

- মুখত তাৎক্ষণিক উজ্জ্বলতাৰ আনিবৰ বাবে কলৰ বাকলি পিছি লৈ তাত অলপ কফি আৰু চেনী মিহলি কৰি মুখত লগাব। ই আপোনাৰ মুখখন উজ্জ্বল কৰি তুলিব।

- কলৰ বাকলি চুলিৰ উফি মুক্ত কৰাতো উপকাৰী।ইয়াৰ বাবে আপুনি কলৰ বাকলি কেইটামান পিছি মূৰৰ ছালত মালিচ কৰিব আৰু ৩০ মিনিটৰ বাবে এৰি দিব।পাছত পৰিস্কাৰ পানীৰে চুলিখিনি ধুই পেলাব।