জীৱন শৈলী

কেৱল অভিনয়েই নহয়, ব্যৱসায় কৰিও উপাৰ্জন কৰি আছে বলীউডৰ বহু অভিনেত্ৰীয়ে

Asomiya Pratidin

ডিজিটেল ডেস্ক: 'বি টাউন'ৰ মহিমা সঁচাকৈয়ে সুকীয়া।'বি টাউন'ৰ মোহময়ী অভিনেত্ৰীসকলে অভিনয়ৰ সমান্তৰালকৈ তেওঁলোকৰ সৌন্দৰ্যৰ জৰিয়তে কোটি কোটি টকা উপাৰ্জন কৰি আছে।হয়, বলীউডৰ অধিকাংশ অভিনেত্ৰীৰেই নিজা নিজা ব্ৰেণ্ড আছে। ছালৰ যত্ন তথা মেকআপ সামগ্ৰীৰ এই বেণ্ডবোৰেও খুব কম সময়তে গ্ৰাহকৰ বিশ্বাসযোগ্য হৈ পৰিছে।বলীউডৰ কোন অভিনেত্ৰী কি ব্ৰেণ্ডৰ গৰাকী, আজি জানো আহক-

কেটৰিনা কাইফৰ Kay By Katrina

অভিনেত্ৰী কেটৰিনা কাইফৰ Kay By Katrinaত লিপষ্টিক, ফাউণ্ডেচনৰ দৰে বহু মেকআপ সামগ্ৰী উপলব্ধ।

প্ৰিয়ংকা চোপ্ৰাৰ Anomaly

বলীউডৰ দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাৰ Anomaly নামৰ চুলিৰ যত্নৰ ব্ৰেণ্ডৰ গৰাকী। ইয়াত চুলিৰ সমস্যাৰ সৈতে সম্পৰ্কিত সকলো সামগ্ৰী উপলব্ধ।উল্লেখ্য যে, ৰিহানা, কাইলি জেনাৰ, চেলিনা গোমেজৰ পিছত প্ৰিয়ংকাৰ ব্ৰেণ্ড হৈছে আটাইতকৈ ব্যয়বহুল ব্ৰেণ্ডৰ এক অন্যতম ব্ৰেণ্ড।

কৃতি ছেননৰ Hyphen

কৃতি ছেননে অলপতে তেওঁৰ ছালৰ যত্নৰ ব্ৰেণ্ড Hyphen মুকলি কৰে। তেওঁলোকৰ ৱেবছাইটত দিয়া তথ্য অনুসৰি এই সৌন্দৰ্য সামগ্ৰীবোৰ প্লাষ্টিক মুক্ত আৰু এশ শতাংশই প্ৰাকৃতিক।

দীপিকা পাডুকনৰ 82 Degrees east

বহুতেই হয়তো নাজানে যে, সপোন সুন্দৰী দীপিকা পাডুকন এটা সৌন্দৰ্য ব্ৰেণ্ডৰ গৰাকী।দীপিকাৰ 82 Degrees eastত আপুনি ছালৰ যত্নৰ সকলো সামগ্ৰীয়ে বিচাৰি পাব।

ছানী লিয়নীৰ Star Struck

ছানী লিয়নীৰ এই ব্ৰেণ্ডটোতো আপুনি সকলো ধৰণৰে প্ৰসাধন সামগ্ৰী উপলব্ধ।

সোণাক্ষী সিনহাৰ Soezi

সোণাক্ষী সিনহাৰ এই ব্ৰেণ্ডটো নখৰ যত্নৰ ব্ৰেণ্ড।ইয়াত নখৰ যত্ন তথা সৌন্দৰ্য বৃদ্ধিৰ বাবে লাগতিয়াল সকলোবোৰেই আপুনি লাভ কৰিব।

নয়নতৰাৰ 9 Skin 

দক্ষিণ তথা বলীউডৰ অভিনেত্ৰী নয়নতৰাই এই ব্ৰেণ্ডত ছালৰ যত্নৰ সকলো সামগ্ৰীয়েই উপলব্ধ।

মনীষ মালহোত্ৰা, শ্ৰদ্ধা কাপুৰৰ My Glamm

আপুনি নিশ্চয় My Glammৰ নাম শুনিছে। এই ব্ৰেণ্ডটো ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰা আৰু অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ। দুয়োগৰাকীয়ে এই ব্ৰেণ্ডৰ অংশীদাৰ।

মাছাবা গুপ্তাৰ love child

মাছাবা গুপ্তাৰ love child নামৰ ব্ৰেণ্ডটোত সকলো ধৰণৰ ছালৰ যত্নৰ সামগ্ৰী পোৱা যায়। তদুপৰি, তামান্না ভাটিয়া জাপানী ব্ৰেণ্ড চিচেইডোৰ ব্ৰেণ্ড এম্বেচেডৰ আৰু তেওঁ জাপানী ব্ৰেণ্ডৰ এম্বেচেডৰ হোৱা প্ৰথম ভাৰতীয়।