এইদৰে ঘৰতে তৈয়াৰ কৰক ছালৰ বাবে অতি উপযোগী তিয়ঁহৰ ট’নাৰ 
জীৱন শৈলী

এইদৰে ঘৰতে তৈয়াৰ কৰক ছালৰ বাবে অতি উপযোগী তিয়ঁহৰ ট’নাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক: বহুসময়ত ফ্ৰীজত পাচলিৰ মাজত থকা তিয়ঁহ শুকাই যায় আৰু সকলোয়ে  তেনে তিয়ঁহ পেলাই দিয়ে। কিন্তু এতিয়াৰ পৰা এনে তিঁয়হ আৰু পেলাই নিদিব। আপুনি অদৰকাৰী বুলি ভবা এনে তিয়ঁহৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনি আচৰিত হ’ব।হয়,  এনে তিয়ঁহৰে আপুনি ঘৰতেই ছালৰ বাবে খুবেই উপযোগী ট’নাৰ তৈয়াৰ কৰিব পাৰে।

ট’নাৰে  কেৱল আপোনাৰ সৌন্দৰ্যত আকৰ্ষণ যোগ নিদিয়ে, গ্ৰীষ্মকালত ই আপোনাৰ ছালক হাইড্ৰেট কৰি ৰখাটো সহায় কৰে। তিয়ঁহত উচ্চ-পানীৰ পৰিমাণ আৰু লগতে প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ থাকে। যি ছালৰ বহুতো সমস্যা আঁতৰ কৰাত সহায় কৰিব পাৰে। ছালৰ মুকলি ছিদ্ৰবোৰ বন্ধ কৰি প্ৰাণহীন ছালক আৰ্দ্ৰতা প্ৰদান কৰিব পাৰে তিয়ঁহে। ঘৰত তিয়ঁহৰ ট’নাৰ কেনেদৰে তৈয়াৰ কৰিব পাৰি, আজি সেই বিষয়ে জানো আহক-

তিয়ঁহৰ ট’নাৰ প্ৰস্তুত কৰিবলৈ প্ৰথমে তিয়ঁহৰ বাকলি গুচাই সৰু সৰুকৈ কাটি ল’ব।এতিয়া এটা পাত্ৰত পানী লৈ সেইখিনি ভালদৰে উতলাই তাত তিয়ঁহৰ টুকুৰাবোৰ দি দিব আৰু গেছটো বন্ধ কৰি দিব। পানীখিনি এনে জোখত ল’ব যাতে  তিয়ঁহৰ টুকুৰাবোৰ পানীত ডুব গৈ থাকে। মনত ৰাখিব যে তিয়ঁহখনি পানী উতলাব নালাগে। এনে কৰিলে তিয়ঁহত থকা পুষ্টি হ্ৰাস হয়। এতিয়া পাত্ৰটো ঠাণ্ডা হ’বলৈ দিব। এতিয়া গোটেইখিনি ভালদৰে হাতৰে মোহাৰি লৈ ছেকনীৰে ছেকি ল’ব। আপোনাৰ তিয়ঁহৰ ট’নাৰ সাজু। ছাল উন্নত কৰিবলৈ আপুনি ইয়াক দৈনিক ব্যৱহাৰ কৰিব।