জীৱন শৈলী

সদায় আধাঘণ্টা চাইকেল চলাই নিৰোগী হৈ থাকক

Asomiya Pratidin

ডিজিটেল ডেস্ক: এসময়ত অতি প্ৰয়োজনীয় বুলি বিবেচিত হোৱা চাইকেলখনৰ প্ৰয়োজনীয়তা সময় পৰিৱৰ্তনৰ লগে লগে কমি আহিল। সময় সঞ্চয় আৰু সুবিধাৰ বাবে বাইক, গাড়ী আদিক পৰিবহনৰ মাধ্যম কৰি তুলি এতিয়া সকলোয়ে চাইকেলখনক এলাগী কৰিলে।কিন্তু আপুনি জানি আচৰিত হ'ব যে চাইকেল চলোৱাটো কেৱল শৰীৰৰ বাবেই নহয়, মানসিক স্বাস্থ্যৰ বাবেও খুবেই উপকাৰী।হয়, বহু অধ্যয়নত এই কথা ইতিমধ্যে প্ৰমাণিত হৈছে।অধ্যয়নবোৰত প্ৰমাণ হোৱা মতে, চাইকেল চলোৱাৰ ফলত মস্তিষ্কৰ স্বাস্থ্য, মনোভাৱ আৰু শক্তিৰ স্তৰ উন্নত হয়।আজি এই বিষয়ে সৱিশেষ জানো আহক-

চাইকেল চলোৱাৰ উপকাৰিতা

দৈনিক আধা ঘণ্টা চাইকেল চলোৱাটোৱে আপোনাৰ শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰাৰ লগতে পাচন তন্ত্ৰ শক্তিশালী কৰি তোলে।চাইকেল চলোৱাৰ ফলত হৃদযন্ত্ৰ আৰু হাঁওফাঁও শক্তিশালী হয়। কেৱল এয়াই নহয়, আপুনি দৈনিক চাইকেল চলাই মেদবহুলতা, হৃদৰোগ, মধুমেহ, আৰ্থ্ৰাইটিছ আৰু মানসিক ৰোগৰ পৰাও হাত সাৰি থাকিব পাৰে। 

চাইকেলৰ ইতিহাস

ইউৰোপীয় দেশসমূহত চাইকেল ব্যৱহাৰ কৰাৰ ধাৰণাটো অষ্টাদশ শতিকাত মানুহৰ মনলৈ আহিছিল যদিও ১৮১৬ চনত এজন শিল্পীয়ে পেৰিছত চাইকেল উদ্ভাৱন কৰে। সেই সময়ত চাইকেলক হবি হৰ্ছ বুলি কোৱা হৈছিল। পিছত ১৮৬৫ চনত তেওঁ ভৰিৰ পৰা পেডেল ঘূৰা চকাটো উদ্ভাৱন কৰে।এতিয়া ব্যৱহৃত আধুনিক চাইকেলখনক ১৮৭২ চনত সম্পূৰ্ণ ৰূপ দিয়া হৈছিল।