জীৱন শৈলী

এশ এবুৰি সমস্যা, লোকচানৰ সন্মুখীন হোৱাৰ পৰা নিজকে বচাই ৰাখক

Asomiya Pratidin

ডিজিটেল ডেস্ক: আমাৰ চাৰিওফালে থকা বস্তুবোৰৰ নিজা শক্তি থাকে। এই বস্তু তথা শক্তিয়ে এজন ব্যক্তিৰ জীৱনত অতি গভীৰ প্ৰভাৱ পেলায়। বাস্তু শাস্ত্ৰত এই সন্দৰ্ভত ভালদৰে উল্লেখ কৰা আছে। এই শাস্ত্ৰৰ নিৰ্দেশনা অনুসৰি যদি এই ক্ষেত্ৰত যত্ন লোৱা নহয়, তেন্তে ই পৰিয়ালৰ সদস্যসকলৰ জীৱনলৈ বহু সমস্যা আনে। ইয়াৰ উপৰিও, শোৱাৰ সময়ত কৰা ভুলবোৰেও আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে।বাস্তুৰ মতে ৰাতি শোৱাৰ আগতে বিচনাৰ ওচৰত ৰখা এই বস্তুবোৰে আপোনাৰ ভাগ্য নষ্ট কৰিব পাৰে।আজি এই বিষয়ে ভালদৰে জানো আহক- 

সোণ-ৰূপ 

হিন্দু ধৰ্মত সোণ আৰু ৰূপক অতি পৱিত্ৰ বুলি গণ্য কৰা হয় আৰু ইয়াক উপাসনাও কৰা হয়। সেয়েহে, বাস্তু শাস্ত্ৰৰ মতে এনে বস্তু কেতিয়াও সোণ-ৰূপক গাৰুৰ ওচৰত ৰাখিব নালাগে। ই আপোনাৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে প্ৰগতিকো প্ৰভাৱিত কৰে। 

বাতৰি কাকত

কেতিয়াও কিতাপ বা বাতৰি কাকত আপোনাৰ বিচনাৰ ওচৰত নাৰাখিব। এই বস্তুবোৰেই আপোনাৰ জীৱনলৈ অহা নেতিবাচকতাৰ কাৰণ। বাস্তু শাস্ত্ৰৰ মতে, এই কিতাপ-বাতৰি কাকত আদিক গাৰুৰ ওচৰত ৰাখিলে মা সৰস্বতীক অপমান কৰা হয়।এনে কৰাৰ ফলত কেৰিয়াৰত বাধা আহে আৰু বিচনাত শোৱা ব্যক্তিজনৰ জীৱনো প্ৰভাৱিত হয়। 

ইলেক্ট্ৰনিক সামগ্ৰী 

ইলেক্ট্ৰনিক সামগ্ৰীবোৰো বিচনাখনৰ ওচৰত ৰাখিব নালাগে। এই বস্তুবোৰৰ দ্বাৰা নিৰ্গত শক্তিয়ে ঘৰটো নেতিবাচকতাৰে ভৰাই তুলিব পাৰে। এই শক্তিও আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহয়। সেয়েহে, বিচনাৰ ওচৰত ইলেক্ট্ৰনিক সামগ্ৰী ৰখাটো শুভ বুলি গণ্য কৰা নহয়। 

পানীৰ বটল 

বহুলোকৰে গাৰুৰ ওচৰত পানীৰ বটল এটা লৈ শোৱাটো এক প্ৰকাৰ অভ্যাস।কিন্তু এনে কৰাটো একেবাৰে উচিত নহয়।এনে কৰাৰ ফলত ঘৰত ঋণাত্মক শক্তি উৎপন্ন হয়, যি স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। গতিকে গাৰুৰ ওচৰত পানীৰ বটল লৈ কেতিয়াও শুব নালাগে। 

লেতেৰা কাপোৰ 

বহুলোকে দিনত পিন্ধা লেতেৰা কাপোৰ ৰাতি খুলি বিচনাত থৈ দিয়ে।কিন্তু বাস্তু বিশ্বাস অনুসৰি, এনে কৰাটো অতি অশুভ। এনে কৰাৰ ফলত ঘৰখনলৈ নেতিবাচকতা আহে আৰু ৰাতি বেয়া সপোন দেখাৰ সম্ভাৱনা থাকে।

জুঠা বাচন 

বহুলোকৰ শোৱাৰ সময়ত চাহ, কফি বা গাখীৰ খোৱাৰ অভ্যাস আছে।ৰাতি টোপনি যোৱাৰ আগতে এইসমূহ খাই কাপ বা গিলাচটো বিচনাখনৰ ওচৰতে ৰাখে।কিন্তু জুঠা বাচন-বৰ্তন বিচনাৰ ওচৰত থ’লে ঘৰখনলৈ দৰিদ্ৰতা আহে আৰু ৰাতি বেয়া সপোন দেখে।গতিকে, আপুনি শোৱাৰ আগতে বিচনাখনৰ ওচৰত জুঠা বাচন-বৰ্তন থোৱাৰ অভ্যাসটো আজিয়েই ত্যাগ কৰক।