জীৱন শৈলী

অন্যথা একেবাৰেই আনন্দদায়ক নহ’ব আপোনাৰ ভ্ৰমণ

Asomiya Pratidin

ডিজিটেল ডেস্ক: বহুসময়ত অভিভাৱকসকলে সন্তানক লৈ ভ্ৰমণ কৰাত সমস্যাত পৰে।কিন্তু কিছুমান বিশেষ দিশত মন দিলেই অভিভাৱকসকলে তেওঁলোকৰ ভ্ৰমণ চিৰস্মৰণীয় কৰি তুলিব পাৰে।হয়, যদি আপুনিও সন্তানৰ সৈতে ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে তলত উল্লেখ কৰা দিশসমূহত সৰ্তক হ'ব-

চিকিৎসা কিট

বহুসময়ত সন্তানবোৰ দৌৰাৰ ফলত আঘাতপ্ৰাপ্ত হয়। সেয়েহে সকলো সময়তে আপোনাৰ লগত চিকিৎসা কিট থকাটো খুবেই জৰুৰী।জৰুৰীকালীন অৱস্থাত হাত দিলেই পোৱাকৈ এই কিটত থাৰ্মোমিটাৰ, বেণ্ডেজ, কপাহৰ লগতে সন্তানৰ দৰকাৰী ঔষধ ৰাখিব।

সময়ক গুৰুত্ব দিব

ভ্ৰমণলৈ ওলাওঁতে সময়ৰ ক্ষেত্ৰত সাৱধান হ'ব।কিয়নো সন্তানসকল সাজু হওঁতে প্ৰায়ে পলম কৰে। সেয়েহে, সময়ৰ কিছু সময়ৰ আগতেই ঘৰৰ পৰা ওলাবলৈ চেষ্টা কৰিব।

শিশুৰ মনোভাৱ বুজিব 

আপুনি যাবলৈ বিচৰা ঠাইখন কেতিয়াবা আপোনাৰ সন্তানৰ পছন্দৰ নহ'বও পাৰে।যাৰ বাবে ভ্ৰমণৰ পৰিকল্পনাৰ আগতে সন্তানৰ মতামত গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। বহুসময়ত অভিভাৱকসকলে এনে এখন ঠাইলৈ সন্তানক লৈ যায়, য'ত তেওঁলোকে বিচাৰিলেও একো উপভোগ কৰিব নোৱাৰে। সেয়েহে, সন্তানৰ প্ৰয়োজনীয়তা আৰু সুখৰ কথা মনত ৰাখি এই দিশটোৰ প্ৰতিও মন দিব।

খাদ্য সামগ্ৰী

বহুসময়ত বাট-পথত খাদ্য সামগ্ৰী পোৱাটো কঠিন হৈ পৰে।সেয়েহে, ভ্ৰমণৰ পূৰ্বে সন্তানৰ লাগতিয়াল গাখীৰ-পানীকে ধৰি সকলো খাদ্য সামগ্ৰী লগত লৈ যাব।যাতে ভোক লাগিলে আপুনি আপোনাৰ সন্তানক খাদ্য সামগ্ৰী যোগান ধৰিব পাৰে।

আসন

যদি আপুনি গাড়ীত ভ্ৰমণ কৰি আছে, তেন্তে সন্তানৰ আসনৰ প্ৰতি মন দিব।ভ্ৰমণটো আৰামদায়ক হোৱাৰ বাবে আসনখনো আৰামদায়ক হোৱাটো জৰুৰী। আনহাতে, কোলাত থকা শিশুৰ সৈতে ভ্ৰমণ পৰাপক্ষত নকৰিব।

অত্যাধিক সামগ্ৰী 

যেতিয়া আপুনি গোটেই পৰিয়ালৰ সৈতে ভ্ৰমণ কৰে, অধিক সামগ্ৰী লৈ নাযাব।কিয়নো সন্তান আৰু সা-সামগ্ৰী একেলগে চম্ভালাটো অতি কঠিন। 

পুতলা

যদি আপোনাৰ সন্তান সৰু, জেদী আৰু দুষ্ট, তেনেহ'লে ভ্ৰমণ কৰোতে কেইটামান পুতলা লগত ৰাখিব।ভ্ৰমণকালত বেছিকৈ কান্দিলে পুতলা দি তেওঁলোকক ব্যস্ত কৰাব পাৰিব।