জীৱন শৈলী

সপোনত হাতী, জীৱনলৈ আহিব সুখ-শান্তি

Asomiya Pratidin

ডিজিটেল ডেস্ক: টোপনি গৈ থকা অৱস্থাত প্ৰায় মানুহে সপোন দেখে। ইয়াৰে কিছুমান সপোন ভাল লগা আৰু আন কিছুমান বেয়া লগা।

পিছে এই সপোন বাস্তৱত পৰিণত হয় নহয় সেয়া কোনোও নাজানে। কিন্তু আপুনি দেখা সপোন অনুসৰি আছে ইয়াৰ আছে শুভ-অশুভ ইংগিত।

আপুনি যদি সপোনত হাতী দেখা পাই তেন্তে চিন্তা নকৰিব। সপোনশাস্ত্ৰৰ মতে সপোনত হাতী দেখা মানে শুভ ইংগিত। সপোন শাস্ত্ৰত ইয়াৰ অৰ্থ হৈছে- আপোনাৰ ধন বাঢ়িব, মান-সন্মান বাঢ়িব আৰু আপুনি ঐশ্বৰ্যশালী হ’ব। সমাজত আপুনি মৰ্যাদাসহ সুকীয়া আসন লাভ কৰিব । গতিকে সপোনত হাতী দেখা পালে চিন্তিত হোৱা কাৰণ নাই।

ইয়াৰোপৰি গৰ্ভৱতী মহিলাসকলে সপোনত হাতী দেখাটো ভাল বুলি উল্লেখ কৰিছে। যদিহে জাকৰ সৈতে হাতী দেখা পাই তেন্তে ইয়াৰ অৰ্থ হৈছে-  আৰ্থিক লাভৰ ইংগিত। বহু পৰিমাণৰ ধনৰ গৰাকী হোৱা সম্ভাৱনা থাকে। জীৱনলৈ শান্তি ঘূৰি অহাৰ ইংগিত প্ৰদান কৰে।

অৱশ্যে জাক ফালি অহা হাতী নাইবা অকলশৰীয়া হৈ পৰা হাতী দেখা বৰ এটা ভাল লক্ষণ নহয়। কিয়নো এনেকুৱা অৱস্থাত থকা হাতী সপোনত দেখিলে, আপুনি বিপদৰ সময়ত অকলশৰীয়া হৈ পৰাতো বুজায়।