জীৱন শৈলী

সঁহাৰি নাই আৰক্ষীৰ, ভুক্তভোগীয়ে উজাৰিলে ক্ষোভ

Asomiya Pratidin

ডিজিটেল ডেস্ক: চকলেট চিৰাপ হয়তো সকলোৰে প্ৰিয়।বিশেষকৈ সৰু ল'ৰা-ছোৱালীসকলৰ।কিন্তু এতিয়াৰে পৰা চকলেট চিৰাপ নিজে খাওঁতেই হওঁক অথবা সন্তানক দিওঁতেই হওঁক, সাৱধান হ'ব। হয়, জনপ্ৰিয় ব্ৰেণ্ড হাৰ্ছেৰ চকলেট চিৰাপৰ বটলত ওলাইছে এটা মৃত নিগনি পোৱালী। এই সমগ্ৰ ঘটনাটোৰ এটা ভিডিঅ এতিয়া ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।

প্ৰামী শ্ৰীধৰ নামৰ এগৰাকী মহিলাই এই সমগ্ৰ ঘটনাটোৰ ভিডিঅ' ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।ঘটনাটো বৰ্ণনা কৰি তেওঁ লেখিছে, 'ব্ৰাউনি কেকৰ সৈতে খাবলৈ মই এই চকলেট চিৰাপটো জেপ্টোৰ পৰা অৰ্ডাৰ কৰিছিলো।কিন্তু খাবলৈ চিৰাপটো ঢালি থাকোতে প্ৰথমতে চুলিৰ দৰে কিবা দেখিলো। পাছত সেয়া কি বুলি ভালদৰে চাবলৈ এটা ডিচপ'জেবল কাপত ঢালি দিওঁতে বটলটোৰ পৰা এটা মৃত নিগনি পোৱালী ওলাই পৰিছিল।আমি এইটো নিগনি পোৱালী হয়নে নহয় নিশ্চিত হ'বলৈ আনকি ধুই চাইছিলো।কিন্তু এই নিগনিটো থকা বুলি গম পোৱাৰ আগতেই মোৰ তিনিগৰাকী বান্ধৱীয়ে ইতিমধ্যে চিৰাপটো খাইছিল। তেওঁলোকৰ দুগৰাকী সুস্থ হৈ আছিল যদিও এগৰাকী মূৰ্ছা গৈছিল আৰু তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। অৱশ্যে বৰ্তমান তেওঁ সুস্থ।কিন্তু আচৰিত কথাটো এয়ে যে, মই স্থানীয় আৰক্ষীক এই বিষয়ে খবৰ দিয়াত তেওঁলোকে কোনো গুৰুত্ব নিদিলে।যিটো একেবাৰেই গ্ৰহণযোগ্য নহয়।'

অৱশ্যে, চকলেট চিৰাপটো প্ৰস্তুত কৰা কোম্পানী হাৰ্ছেয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহিলাগৰাকীক ছ'চিয়েল মেডিয়াযোগেই ক্ষমা খোজে।ভোক্তভোগী মহিলাগৰাকীয়ে লগতে সকলোকে পেকেটযুক্ত খাদ্য খোৱাৰ পৰা সকলোকে দূৰত থাকিবলৈও আহ্বান জনাইছে।