জীৱন শৈলী

দৰিদ্ৰতা, গুৰু-ৰাহু দোষৰ পৰা পৰিত্ৰান দিয়ে শ্ৰীকৃষ্ণৰ প্ৰিয় এইবিধ গছে

Asomiya Pratidin

ডিজিটেল ডেস্ক: সকলোৱেই তেওঁলোকৰ ঘৰটো ধুনীয়াকৈ সজাই-পৰাই ৰাখি ভাল পায়। কিছুমানে যদি আলংকাৰিক সামগ্ৰীৰে সজাই আন কিছুমানে আকৌ বিভিন্ন ফল-ফুলৰ গছ তথা উদ্ভিদেৰে। সৌন্দৰ্য বৰ্ধনৰ লগতে গছ-গছনিবোৰে ঘৰখনলৈ ইতিবাচক শক্তিও কঢ়িয়াই আনে।ঘৰলৈ ইতিবাচকতা আনিব পৰা এনে এবিধ গছ হৈছে কদম গছ। ধৰ্মীয় বিশ্বাস অনুসৰি কদম গছ ঘৰত থকাটো অতি শুভ।এই গছ আয়ুৰ্বেদিক গুণাগুণৰেও সমৃদ্ধ।কদম গছক  ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় গছ বুলিও কোৱা হয়।কদম গছৰ সৈতে সম্পৰ্কিত কেতবোৰ বাস্তু নিয়মৰ বিষয়ে আজি জানো আহক-

এই দিশত থকাটো শুভ 

ঘৰৰ দক্ষিণ-পশ্চিম দিশত কদম গছ থকাটো শুভ বুলি গণ্য কৰা হয়।তদুপৰি আপুনি এই উদ্ভিদ জোপা ঘৰৰ বাহিৰত ৰোপণ কৰিব পাৰে।এনে কৰিলে ঘৰখনলৈ ইতিবাচক শক্তি আৰু মা লক্ষ্মীৰ আগমন হয়। ঘৰত কদম গছ ৰোপণ কৰিলে পৰিয়ালটোৰ ব্যক্তিসকলো আৰ্থিক ভাৱে সবল হয়।

বৃহস্পতিবাৰে উপাসনা 

বিশ্বাস অনুসৰি এইবিধ উদ্ভিদ ভগৱান বিষ্ণুৰ অতি প্ৰিয়। এই ফুলৰে উপাসনা কৰিলে  তেওঁ সুখী হয়।সেয়েহে ভগৱান বিষ্ণুক কদম ফুল দি বৃহস্পতিবাৰে উপাসনা কৰিব।

কদম ফুলো শুভ 

বাস্তু শাস্ত্ৰৰ মতে কদম গছে ৰাশিফলত থকা গুৰু দোষৰ পৰা সকাহ দিয়ে।আনহাতে, গুৰু দোষ থকা লোকসকলে কদম ফুল গা-ধোৱা পানীত দি গা ধুব লাগে। এনে কৰিলে তেওঁলোকৰ গুৰু দশা দূৰ হয়।

ৰাহুৰ প্ৰভাৱ নিৰ্মূল কৰে

যদি ঘৰৰ প্ৰৱেশ দ্বাৰতে কদম গছ থাকে, তেতিয়া ঘৰখনলৈ ইতিবাচক শক্তিৰ প্ৰৱাহ হয় বুলি বিশ্বাস কৰা হয়।তদুপৰি ই ৰাহুৰ প্ৰভাৱ দূৰ কৰি ঘৰলৈ শান্তি আৰু সুখ কঢ়িয়াই আনে।

মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব 

যদি কদম ফুল মন্দিৰত সুৰক্ষিত স্থানত ৰখা হয়, তেন্তে আপুনি মা লক্ষ্মী আৰু নাৰায়ণ ঈশ্বৰৰ আশীৰ্বাদ প্ৰাপ্ত হয়। ইয়াৰ উপৰিও ই আৰ্থিক দীনতা দূৰ কৰি ঘৰৰ ব্যক্তিসকলক ঋণমুক্ত কৰি ৰাখে।