জীৱন শৈলী

ধৰ্মীয় অনুষ্ঠানত প্ৰেমৰ প্ৰস্তাৱ দিয়াক কেন্দ্ৰ কৰি সৰ্বত্ৰে প্ৰতিক্ৰিয়া

Asomiya Pratidin

ডিজিটেল ডেস্ক: কেদাৰনাথ যাত্ৰাৰ সময়ত ভক্তই ছ’চিয়েল মেডিয়াত ‘শ্বেয়াৰ’ কৰা ফটো আৰু ভিডিঅ' দেখি এনে লাগে যে তেওঁলোকে উপাসনাতকৈ ৰীল বনোৱাৰ উদ্দেশ্য লৈহে এই যাত্ৰা আৰম্ভ কৰিছে।ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱা এনে এক ভিডিঅ’ই শেহতীয়াকৈ বিশেষ চৰ্চা লাভ কৰিছে। এই ভিডিঅ’ক একাংশই খুব পছন্দ কৰাৰ বিপৰীতে আন একাংশই বৰকৈ সমালোচনা কৰিছে। 

কেদাৰনাথ মন্দিৰৰ সন্মুখৰ এই ভিডিঅ'টোত এগৰাকী যুৱতীয়ে তেওঁৰ প্ৰেমিকক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছে।ভিডিঅ'টোত যুৱক আৰু যুৱতী দুয়োগৰাকীকে হালধীয়া কাপোৰ পিন্ধা দেখা গৈছে আৰু যুৱতীগৰাকীয়ে নাটকীয় ভাৱে আঁঠু কাঢ়ি প্ৰেমিকক আঙুঠি পিন্ধাইছে।তাৰ পিছত দুয়োয়ে দুয়োক আলিংগন কৰিছে।

ভিডিঅ'টোত দেখা যুৱতীগৰাকীৰ নাম বিশাখা। তেওঁ এগৰাকী ব্লগাৰ।এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। একাংশই প্ৰেমৰ অভিব্যক্তিক অতি সুন্দৰ বুলি বৰ্ণনা কৰাৰ বিপৰীতে আন কিছুমানে ধৰ্মীয় স্থানত এনে কাম কৰাটো ভুল বুলি উল্লেখ কৰিছে।এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ সভাপতি অজেন্দ্ৰ অজয়ে কয় যে সকলো ধৰ্মীয় স্থানৰ এক মৰ্যাদা, বিশ্বাস আৰু পৰম্পৰা আছে আৰু ভক্তসকলে সেই অনুসৰি আচৰণ কৰা উচিত। তেওঁ লগতে কয় যে সমিতিৰ কাম মন্দিৰটো পৰিচালনা কৰা আৰু ইয়াৰ ভিতৰৰ ব্যৱস্থাবোৰ চোৱা-চিতা কৰাত সীমাবদ্ধ। 

অৱশ্যে,এই ভিডিঅ'টোৰ বিষয়ে আইনী মতামত লোৱা হৈছে।আনহাতে, কেইদিনমান পূৰ্বেও কেদাৰনাথ মন্দিৰৰ গৰ্ভগৃহৰ এটা ভিডিঅ' ছ’চিয়েল মেডিয়াত প্ৰচাৰিত হৈছিল য'ত এগৰাকী মহিলাক পুৰোহিতৰ উপস্থিতিত নোট উৰুৱাই থকা দেখা গৈছিল।