জীৱন শৈলী

অভিভাৱকৰ ভুলৰ ফল ভূগিব লগীয়া হ’ব পাৰে সন্তানে

Asomiya Pratidin

ডিজিটেল ডেস্ক: প্ৰতিজন অভিভাৱকৰ বাবেই তেওঁলোকৰ সন্তান অতি বিশেষ। জন্মৰ দিনাৰ পৰাই অভিভাৱকসকলে সন্তানটোক লৈ সপোন দেখিবলৈ আৰম্ভ কৰে।প্ৰতিজন অভিভাৱকেই বিচাৰে যে তেওঁলোকৰ সন্তান ডাঙৰ হৈ এজন ভাল ব্যক্তি হওঁক। আজিকালি কৰ্মৰত অভিভাৱকসকলৰ তেওঁলোকৰ সন্তানৰ সৈতে কটোৱাৰ বাবে সময় যথেষ্ট কম। যিখিনি সময় সন্তানৰ লগত অতিবাহিত কৰে, সেইখিনি সময়তো তেওঁলোকে ভালকৈ বহি কথা পাতিব নোৱাৰে। ইয়াৰ মূল কাৰণেই হৈছে কামৰ চাপ। অত্যাধিক চাপৰ সন্মুখীন হৈ অথবা অলপতে খং উঠা স্বভাৱৰ বাবে বহু অভিভাৱকে বহু সময়ত সন্তানক লগত চিঞৰি কথা পাতে।এনেদৰে  উচ্চ স্বৰত কথা পাতিলে শিশুৰ মানসিক স্বাস্থ্যৰ ওপৰত যথেষ্ট বেয়া প্ৰভাৱ পৰে।ইয়াৰ ফলত তেওঁলোকে আপুনি ভাৱিব নোৱাৰা কিছুমান সমস্যাৰো সন্মুখীন হ'ব পাৰে।আজি এই বিষয়ে জানো আহক-

আত্মসন্মানৰ অভাৱ

অভিভাৱকসকলে চিঞৰি কথা কোৱাটোয়ে যি শিশুৰ ওপৰত অতি গভীৰ প্ৰভাৱ পেলায়। ইয়াৰ ফলত শিশুৰ আত্মসন্মানৰ অভাৱ হয়।যাৰ ফলত শিশুটোৱে অকলশৰীয়া অনুভৱ কৰে। এনে শিশুৱে কাৰো সৈতে মুকলিকৈ তেওঁলোকৰ হৃদয়ৰ কথা ক'ব নোৱাৰে। যদি আপুনিও আপোনাৰ সন্তানক চিঞৰি কথা কয়, তেন্তে এতিয়াৰ পৰাই এই অভ্যাসটো ত্যাগ কৰক। 

অনুশাসনহীনতা 

মাক-দেউতাকে বাৰে বাৰে চিঞৰ-বাখৰ কৰাৰ বাবে শিশুয়ে এটা কুৎসিত পৰিৱেশ লাভ কৰে। ফলত তেওঁলোকৰ মাজত অনুশাসনৰ অভাৱ হয় আৰু তেওঁলোক অভদ্ৰ হৈ পৰে।সেয়েহে সন্তানক সদায় এটা ভাল পৰিৱেশ দিবলৈ চেষ্টা কৰিব।

নেতিবাচক প্ৰকৃতি 

কিছুমান শিশু অতি দুষ্ট প্ৰকৃতিৰ হয়। যাৰ বাবে অভিভাৱকে তেওঁলোকক বুজাই দিয়াৰ সলনি তেওঁলোকক চিঞৰি-বাখৰি গালি পাৰিবলৈ আৰম্ভ কৰে। পিতৃ-মাতৃৰ এনে স্বভাৱৰ বাবে শিশু নেতিবাচক প্ৰকৃতিৰ হ'বলৈ আৰম্ভ কৰে আৰু তেওঁলোকৰ আচৰণতো বহু পৰিৱৰ্তন হয়। 

উদ্বেগৰ ভুক্তভোগী 

অভিভাৱকৰ খিংখিঙীয়া স্বভাৱে শিশুটোৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়। ফলত তেওঁলোকে কম বয়সতে উদ্বেগৰ ভুক্তভোগী হ'বলৈ আৰম্ভ কৰে। ইয়াৰ বাহিৰেও, কিছুমান শিশু হতাশাতো ভূগে। সেয়েহে, যদি আপুনিও আপোনাৰ সন্তানক বাৰে বাৰে চিঞৰি কথা কয়, তেন্তে আপোনাৰ এই অভ্যাস সলনি কৰক। চিঞৰ-বাখৰ কৰাৰ সলনি তেওঁলোকৰ সৈতে মৰমেৰে কথা পাতিবলৈ চেষ্টা কৰিব।