জীৱন শৈলী

চুলিত কিদৰে মৌ ব্যৱহাৰ কৰিব লাগে জানি লওঁক

Asomiya Pratidin

ডিজিটেল ডেস্ক: স্বাস্থ্যৰ লগতে পৰিৱৰ্তনশীল বতৰে চুলিকো প্ৰভাৱিত কৰে।বিশেষকৈ এই সময়ছোৱাত শুকান চুলিয়ে আমাৰ সকলোকে অশান্তি দিয়ে। শুকান চুলিৰ পৰা পৰিত্ৰাণ পাবলৈ মহিলাসকলে বজাৰৰ পৰা নামী-দামী সামগ্ৰী ক্ৰয় কৰি ব্যৱহাৰ কৰে যদিও সুফল লাভ নকৰে। বজাৰত উপলব্ধ সামগ্ৰীত থকা ৰাসায়নিক পদাৰ্থবোৰে চুলিৰ সমস্যা কমোৱাৰ সলনি বৃদ্ধিহে কৰে।অৱশ্যে আপুনি  ঘৰতে উপলব্ধ মৌ ব্যৱহাৰ কৰি শুকান চুলিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।চুলিত কিদৰে মৌ ব্যৱহাৰ কৰিব লাগে, আজি জানো আহক-

এল’ভেৰা আৰু মৌ

মূৰৰ ছালত থকা উফিৰ পৰা পৰিত্ৰাণৰ বাবে এল’ভেৰা খুব উপকাৰী।আপুনি এল’ভেৰাৰ সৈতে মৌ মিহলি কৰি এটা হেয়াৰ মাস্ক তৈয়াৰ কৰিব পাৰে। ইয়াৰ বাবে মৌ, এল’ভেৰা জেল, দৈ আৰু জলফাই তেল এটা বাতিত ভালদৰে মিহলি কৰি এটা মসৃণ পেষ্ট তৈয়াৰ কৰিব। এতিয়া এই মিশ্ৰণটো হাতত অলপ অলপকৈ লৈ চুলি আৰু মূৰৰ ছালত বৃত্তাকাৰ গতিত মালিচ কৰিব।মালিচ কৰাৰ পিছত আধা ঘণ্টাৰ বাবে এনেদৰে থৈ পাছত ছেম্পুৰে চুলিখিনি ধুই পেলাব। 

মেয়নিজ, আভাকাডোৰ সৈতে মৌ 

এইটো এটা অতি সৰল প্ৰতিকাৰ, যিয়ে আমাৰ চুলি গুৰিৰ পৰা শক্তিশালী আৰু মসৃণ কৰি তোলে। ইয়াৰ বাবে আপুনি আভাকাডো ভালকৈ গুৰি কৰি মেয়নিজ আৰু মৌৰ সৈতে মিহলি কৰি এটা মসৃণ পেষ্ট তৈয়াৰ কৰিব। এই পেষ্টটো অলপ সময়ৰ বাবে চুলি আৰু মূৰৰ ছালত প্ৰয়োগ কৰাৰ পাছত  চুলিখিনি কুহুমীয়া পানীৰে ধুই পেলাব। 

আলু আৰু মৌ 

আলুৰ ৰসত থকা গুণাগুণবোৰ চুলিৰ বাবে যথেষ্ট উপকাৰী।মৌৰ সৈতে আপুনি আলু গুৰি কৰি ৰস উলিয়াই লৈ তাৰ লগত এটা কণী মিহলাই ভালদৰে এটা মসৃণ পেষ্ট তৈয়াৰ কৰিব। এই পেষ্টটো মূৰৰ ছাল আৰু চুলিত ভালদৰে প্ৰয়োগ কৰি ১ ঘণ্টাৰ বাবে এৰি দি তাৰ পিছত ছেম্পু কৰিব।এইদৰে আপুনি সপ্তাহত এবাৰকৈ চুলিত প্ৰয়োগ কৰিলে শুকান চুলি তথা চুলিৰ আন সমস্যাবোৰৰ পৰাও সকাহ পাব।

তদুপৰি, ছেম্পু, কণ্ডিচনাৰ বা তেলৰ সৈতেও মৌ চুলিত ব্যৱহাৰ কৰিব পাৰি।সৰ্বশ্ৰেষ্ঠ ফলাফলৰ বাবে আপুনি নাৰিকল তেল, জলফাই তেল বা জোজোবা তেলৰ সৈতে মৌ মিহলি কৰি চুলিত প্ৰয়োগ কৰিব পাৰে।