জীৱন শৈলী

এই ৫টা উপায়ৰে ঘৰতে উজ্জ্বল কৰক ৰুক্ষ ছাল

Asomiya Pratidin

ডিজিটেল ডেস্ক: নিখুঁত, কোমল তথা উজ্জ্বল ছালৰ গৰাকী হ’বলৈ প্ৰতিগৰাকী মহিলায়েই মনে-প্ৰাণে কামনা কৰে।যাৰ বাবে বজাৰৰ নামী-দামী প্ৰসাধন সামগ্ৰীবোৰ ক্ৰয় কৰি তেওঁলোকে ছালৰ যত্ন কৰে।কিন্তু এই সামগ্ৰীবোৰত বহুতো ৰাসায়নিক পদাৰ্থ থাকে, যিয়ে ছালৰ উপকাৰতকৈ বেছি ক্ষতিহে কৰে।সেয়েহে সদায়েই ছালৰ যত্নত ঘৰু সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। ছালখনক সদায়েই উজ্জ্বল তথা সতেজ কৰিবলৈ আপুনি ঘৰতে ব্যৱহাৰ কৰিব পৰা কেতবোৰৰ প্ৰতিকাৰৰ বিষয়ে আজি জানো আহক-

বিলাহীৰ ৰস

বিলাহীত যথেষ্ট পৰিমাণৰ পুষ্টি থাকে, যি ছালৰ লগতে স্বাস্থ্যৰ বাবেও খুব উপকাৰী।আপুনি আপোনাৰ মুখখন মসৃণ আৰু চিকচিকিয়া কৰিবলৈ বিলাহীৰ ৰস ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে ১৫ মিনিটৰ বাবে বিলাহীৰ ৰস মুখত প্ৰয়োগ কৰিব।বিলাহীয়ে মুখত জমা হোৱা সকলো লেতেৰা আঁতৰ কৰি ছালখনক উন্নত কৰাত সহায় কৰিব।

চেনী, কফি

মুখৰ ছাল মসৃণ কৰিবলৈ এক্সফলিয়েচন অতি গুৰুত্বপূৰ্ণ। মুখখন এক্সফলিয়েট কৰিলে ছালৰ মৃত কোষবোৰ আঁতৰ হয়।ইয়াৰ দ্বাৰা মুখৰ পৰা সকলো লেতেৰা আঁতৰ হয় আৰু আপুনি পৰিস্কাৰ ছালৰ গৰাকী হ’ব পাৰিব। মুখখন এক্সফলিয়েট কৰিবলৈ চেনী আৰু কফি ব্যৱহাৰ কৰিব পাৰে।সম পৰিমাণৰ চেনী আৰু কফি লৈ তাত অলপ মৌ মিহলাই আপুনি ছালখন স্ক্ৰাব কৰিব।

ময়েশ্চাৰাইজাৰ

মুখৰ ছাল উজ্জ্বল কৰিবলৈ ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰাটো খুবেই গুৰুত্বপূৰ্ণ। কিয়নো ময়েশ্চাৰাইজাৰ অবিহনে ছাল অতি শুকান হৈ পৰে।সেয়েহে ছালত আৰ্দ্ৰতা বজাই ৰাখিবলৈ হাইড্ৰেটিং ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰাটো উপকাৰী হ'ব।

অলিভ অইল বা জলফাই তেল

জলফাই তেল প্ৰয়োগ কৰিলে মুখৰ ছাল কোমল হয়। ইয়াৰ বাবে আপোনাৰ মুখখন লাহে লাহে  জলফাই তেলৰে মালিচ কৰিব আৰু ৫-১০ মিনিটৰ পিছত সতেজ পানীৰে ধুই পেলাব। জলফাই তেলে ছালক গভীৰ কণ্ডিচনিং প্ৰদান কৰে। ই মুখৰ ছালক হাইড্ৰেট কৰি ৰখাত সহায় কৰে। চকচকে দেখায়।

এল’ভেৰা জেল

এল’ভেৰা জেল ছালৰ বাবেও যথেষ্ট উপকাৰী। ইয়াত থকা ময়েশ্চাৰাইজিং গুণাগুণবোৰে মুখৰ পৰা শুষ্কতা আঁতৰ কৰে। ইয়াৰ বাবে আপুনি এল’ভেৰা জেল গোটেই মুখত প্ৰয়োগ কৰি ১৫ মিনিটৰ পিছত ধুই পেলাব।ই ছালখনত নিঁখুত কৰাৰ লগতে উজ্জ্বল দেখাত সহায় কৰিব।