জীৱন শৈলী

হালধীয়া দাঁতৰ বাবে লাজত পৰিছে যদি এইসমূহ ঘৰুৱা উপায় অৱলম্বন কৰক

Asomiya Pratidin

ডিজিটেল ডেস্ক: আমাৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰত হাঁহিৰ গুৰুত্ব অপৰিসীম।কিন্তু সমস্যাটো তেতিয়া হয়, যেতিয়া হাঁহিলে আপোনাৰ হালধীয়া দাঁত আনে দেখা পায়।হয়, বহুবাৰ পৰিস্কাৰ কৰাৰ পাছতো আমাৰ দাঁতৰ হালধীয়া স্তৰ পৰিস্কাৰ নহয়।যিয়ে আমাৰ আত্মবিশ্বাস হ্ৰাস কৰে। এনে পৰিস্থিতিত, আপুনি কেতবোৰ ঘৰুৱা উপায়ৰে হালধীয়া দাঁত চাফা কৰিব পাৰে। আজি এই বিষয়ে জানো আহক-

নেমু আৰু বেকিং চ’ডা 

আপুনি দাঁতৰ হালধীয়া স্তৰটো আঁতৰাবলৈ নেমু আৰু বেকিং চ’ডা ব্যৱহাৰ কৰিব পাৰে।ইয়াৰ বাবে আপুনি এক চামুচ বেকিং চ’ডাৰ সৈতে এক চাহ চামুচ নেমুৰ ৰস মিহলি কৰি এই মিশ্ৰণৰে  ২-৩ মিনিটৰ বাবে দাঁতখিনি ভালদৰে ঘঁহিব।ইয়াৰ পাছত ভালদৰে মুখখন ধুই পেলাব।

কমলাৰ বাকলি 

কমলাৰ বাকলিয়েও দাঁতৰ হালধীয়া স্তৰ আঁতৰ কৰাত আপোনাক সহায় কৰিব।ইয়াৰ বাবে আপুনি কমলাৰ বাকলি ৰ'দত শুকুৱাই গুৰি কৰি পাউডাৰ বনাই ল’ব।এই পাউডাৰখিনি পানীৰ সৈতে মিহলি কৰি এটা পেষ্ট প্ৰস্তুত কৰি দাঁতত লগাই মালিচ কৰিব। নিয়মীয়াকৈ এনেদৰে ব্ৰাছ কৰিলে আপোনাৰ হালধীয়া দাঁতৰ সমস্যা নাইকিয়া হ'ব। 

নাৰিকল তেল 

হালধীয়া দাঁতৰ সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে।আপুনি আঙুলিত অলপ তেল প্ৰয়োগ কৰি দাঁতত ভালদৰে মালিচ কৰিব। ইয়াৰ পিছত পানীৰে ভালদৰে ধুই পেলাব। নাৰিকল তেলত থকা লাউৰিক এচিডে দাঁতৰ প্লেক আৰু বেক্টেৰিয়া আঁতৰ কৰাত আপোনাক সহায় কৰিব। 

ষ্ট্ৰবেৰী 

দাঁতত ষ্ট্ৰবেৰী ঘঁহিলেও ই আপোনাক হালধীয়া দাঁতৰ সমস্যাৰ পৰা পৰিত্ৰাণ দিব। ইয়াত পোৱা পুষ্টিবোৰে দাঁত হালধীয়া হোৱাৰ সমস্যা আঁতৰ কৰাত সহায় কৰিব। 

সৰিয়হৰ তেল আৰু পিংক ছল্ট 

দৈনিক দাঁতত সৰিয়হ তেল আৰু পিংক ছল্টৰে তৈয়াৰ কৰা মিশ্ৰণ ব্যৱহাৰ কৰিলে দাঁতৰ হালধীয়া স্তৰ নাইকিয়া হয়।পিংক ছল্টত এণ্টিবেক্টেৰিয়েল আৰু আয়ডিন থাকে। এই ক্ষেত্ৰত, আপুনি হালধীয়া দাঁতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ এই মিশ্ৰণটো ব্যৱহাৰ কৰিব পাৰে।