জীৱন শৈলী

এইদৰে লওক শিশুটিৰ চুলিৰ যতন

Asomiya Pratidin

ডিজিটেল ডেস্ক: কিছুমান শিশুৰ মুৰত খুব কম চুলি থাকে।জন্মৰ সময়ত কিছুমান শিশুৰ চুলি ঘন থাকে যদিও পাছলৈ পাতল হৈ পৰে।আন কিছুমানৰ আকৌ মুৰত চুলি নোহোৱাকৈয়ে জন্ম হয়। এনে পৰিস্থিতিত অভিভাৱকসকল যথেষ্ট চিন্তিত হৈ পৰে। তেওঁলোকে শিশুটিৰ চুলিখিনি ডাঠ কৰিবলৈ বহুতো ব্যৱস্থা গ্ৰহণ কৰে যদিও সফল নহয়।শিশুটিৰ ডাঠ তথা শক্তিশালী চুলিৰ বাবে আপুনি কি কৰা উচিত, আজি সেই বিষয়ে জানো আহক-

মুৰটো মালিচ কৰিব

যদি আপুনি আপোনাৰ শিশুটোৰ চুলি ডাঠ আৰু শক্তিশালী হোৱাটো বিচাৰে, তেন্তে তেওঁলোকৰ মুৰটো মালিচ কৰি থাকিব। আপুনি নাৰিকল, জলফাই বা বাদাম তেল ব্যৱহাৰ কৰি শিশুটোৰ মুৰটো মালিচ কৰিব পাৰে। দৈনিক মালিচে তেওঁলোকৰ ৰক্ত সঞ্চালন উন্নত কৰিব আৰু তেলে পুষ্টি প্ৰদানৰ লগতে চুলিক আৰ্দ্ৰ কৰি ৰাখিব।তেলৰে মুৰটো মালিচ কৰিলে শিশুটোৰ চুলি বৃদ্ধি, ক'লা হোৱাৰ লগতে মগজুও তীক্ষ্ণ হয়।

কণ্ডিচনিং কৰক 

শিশুৰ চুলিতো কণ্ডিচনিং কৰিব পাৰি। প্ৰতি পোন্ধৰ দিনৰ পিছত আপুনি আপোনাৰ শিশুটোৰ চুলিত কণ্ডিচনাৰ লগাব পাৰে। অৱশ্যে, ইয়াৰ বাবে আপুনি দৈ, কণী, জৱাব ফুল বা পাতহে শিশুটোৰ চুলিত প্ৰয়োগ কৰিব। এইসমূহ প্ৰাকৃতিক কণ্ডিচনাৰ, যিয়ে তেওঁলোকৰ চুলিক পুষ্টি প্ৰদান কৰাৰ লগতে শক্তিশালী কৰিব।

মুৰৰ ছাল পৰিস্কাৰ কৰি থাকিব

শিশুটোৰ চুলি ডাঠ আৰু শক্তিশালী কৰিবলৈ মুৰৰ ছাল পৰিস্কাৰ কৰি ৰখাটো খুবেই জৰুৰী। প্ৰতি তিনিৰ পৰা চাৰি দিনৰ পিছত শিশুটোৰ মুৰৰ ছাল পৰিস্কাৰ কৰিব।ইয়াৰ বাবে আপুনি  ভাল ব্ৰেণ্ডৰ ছেম্পু ব্যৱহাৰ কৰিব। দীঘলীয়া সময়ৰ বাবে শিশুটোৰ চুলি পৰিস্কাৰ নকৰাৰ বাবে ধুলি, ঘাম আৰু লেতেৰা জমা হৈ বেক্টেৰিয়া বৃদ্ধি হোৱাৰ আশংকা থাকে।এনে হ'লে চুলিৰ বিকাশ বন্ধ হৈ পৰে।

চুলিক পুষ্টি প্ৰদান কৰিব 

ডাঠ আৰু ক'লা কৰিবলৈ শিশুটোৰ চুলিক পুষ্টি প্ৰদান কৰাটোও প্ৰয়োজনীয়। এনে পৰিস্থিতিত আপুনি তেওঁলোকৰ চুলি নাৰিকল তেল বা এল’ভেৰা জেলৰ সৈতে মালিচ কৰিব পাৰে। শিশুটোৰ চুলিত এল’ভেৰা জেল লগাই ১৫ মিনিটৰ বাবে এৰি দিয়ক। ইয়াৰ পিছত পানীৰে ভালদৰে ধুব পেলাব। ই শিশুটোৰ চুলিক লাগতিয়াল পুষ্টি প্ৰদান কৰিব। 

চুলি ভালদৰে শুকুৱাব

শিশুটোৰ মুৰটো ধোৱাৰ পিছত পিতৃ-মাতৃয়ে চুলি শুকুৱাবলৈ তেওঁলোকৰ মুৰটো টাৱেলেৰে জোৰেৰে ঘঁহি দিয়ে। কিন্তু এনে কৰাটো একেবাৰে সঠিক নহয়। সদায়ে কোমল টাৱেল আৰু লাহে লাহে চুলিখিনি মচিব লাগে।