জীৱন শৈলী

গাখীৰ ভালে ৰাখিবলৈ কৰক এই এইকেইটা কাম

Asomiya Pratidin

ডিজিটেল ডেস্ক: বহুসময়ত গাখীৰ উতলাওতে ফাটি যায়।ফলত খাম বুলি পকেটৰ টকা খৰচ কৰি কিনি অনা গাখীৰখিনি আপুনি পেলায় দিবলগীয়াত পৰে।যদি গাখীৰ বৰ্ধিত উষ্ণতাত ৰখা হয়, তেনেহ'লে ই অতি সোনকালে নষ্ট হয়। গাখীৰ ফটাৰ অসুবিধাৰ পৰা আপুনি কিদৰে হাত সাৰিব পাৰে, আজি এই বিষয়ে জানো আহক-

গাখীৰ ক'ত ৰাখিব ? 

গাখীৰ এনে ঠাইত ৰাখিব য'ত তাপমাত্ৰা কম হয়।গৰমৰ দিনকেইটাত গাখীৰ পৰাপক্ষত ফ্ৰীজতে ৰাখিব যাতে, তেতিয়া গাখীৰখিনি ভালে থাকে।

গাখীৰ কিয় ফাটে ?

যদি গাখীৰ ভুল ঠাইত ৰখা হয়, ই ফাটিবলৈ আৰম্ভ কৰে। কেতিয়াবা আকৌ ফ্ৰীজত থোৱাৰ পাছতো গাখীৰ ফাটে। ইয়াৰ কাৰণ হৈছে ফ্ৰীজত থকা আন সামগ্ৰী।যিবোৰৰ গোন্ধ লাগি গাখীৰ ফাটিবলৈ আৰম্ভ কৰে।

গাখীৰ কিনোতে এইসমূহ দিশত মন দিব-

- দোকানত থাকোতে ভাল ঠাইত থকা গাখীৰহে কিনিব। ৰ'দত থোৱা গাখীৰ কেতিয়াও কিনিব নালাগে।তদুপৰি, গাখীৰ কিনোতে সদায় ম্যাদ চাইহে কিনিব। 

- সম্পূৰ্ণ পৰিস্কাৰ পাত্ৰতহে গাখীৰ উতলাব। যদি পাত্ৰটো অলপ লেতেৰা হয় বা ইয়াত খাদ্য লাগি থাকে, তেতিয়া গাখীৰ ফটাৰ সম্ভাৱনা থাকে।

- কেঁচা গাখীৰ কেতিয়াও কোঠাৰ উষ্ণতাত থৈ নিদিব। গাখীৰ কিনাৰ পিছত ইয়াক লগে লগে উতলাব, নহ'লে ফ্ৰীজত থ'ব।

-গাখীৰ উতলাই থাকোতে চামুচ বা হেতাৰে গাখীৰখিনি লৰাই থাকিব। ই গাখীৰ ফাটি যোৱাৰ সম্ভাৱনা হ্ৰাস কৰে।