জীৱন শৈলী

বাৰে বাৰে নিজৰেই অভিলেখ ভংগ কৰি চৰ্চাত এগৰাকী ভাৰতীয়

Asomiya Pratidin

ডিজিটলে ডেস্ক: নিজৰেই অভিলেখ ভংগ কৰি পুনৰ বিশ্ব অভিলেখৰ গৰাকী হ'ল এজন ভাৰতীয় ব্যক্তি।হয়, নাকৰে দ্ৰুততাৰে ইংৰাজী বৰ্ণমালা টাইপ কৰি বিনোদ কুমাৰ চৌধুৰী নামৰ ব্যক্তিজনে গঢ়িলে নতুন অভিলেখ।আচৰিত কথা এয়ে যে, নাকৰে বৰ্ণমালা টাইপ কৰি এয়া তেওঁ তৃতীয় বাৰলৈ গঢ়িছে বিশ্ব অভিলেখ আৰু প্ৰতিবাৰেই তেওঁ ভংগ কৰিছে নিজৰেই অভিলেখ।

৪৪ বছৰীয়া বিনোদ কুমাৰ চৌধুৰীয়ে প্ৰথমবাৰৰ বাবে ২০২৩ত ২৭.৮০ ছেকেণ্ডত নাকৰে টাইপ কৰি খিতাপ দখল কৰিছিল। তেওঁৰ দ্বিতীয়বাৰ ২৬.৭৩ ছেকেণ্ডত বৰ্ণমালাখিনি টাইপ কৰি সম্পূৰ্ণ কৰিছিল আৰু শেহতীয়া চেষ্টাত তেওঁ মাত্ৰ ২৫.৬৬ ছেকেণ্ডতে টাইপ কৰি গিনীজ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰে।

টুইটাৰত গিনীজ ৱৰ্ল্ড ৰেকৰ্ডছৰ অফিছিয়েল পেজত এই খবৰ ৰাজহুৱা কৰা হৈছে। তেওঁলোকে ‘আপুনি কিমান সোনকালে আপোনাৰ নাকেৰে বৰ্ণমালা টাইপ কৰিব পাৰে ?’ বুলি কেপশ্বন দি এটা বিনোদ কুমাৰ চৌধুৰীয়ে নাকৰে টাইপ কৰি থকা ভিডিঅ’ শ্বেয়াৰ কৰিছে।