জীৱন শৈলী

সৰ্বাধিক দাঁত থকা মহিলা হিচাপে বিশ্ব অভিলেখ গঢ়িলে ভাৰতৰ কল্পনাই

Asomiya Pratidin

ডিজিটেল ডেস্ক: মুখত ৩৮ টা দাঁত লৈ এগৰাকী ভাৰতীয় মহিলাই গঢ়িলে বিশ্ব অভিলেখ।হয়,  ২৬ বছৰীয়া কল্পনা বালান নামৰ মহিলাগৰাকীৰ নাম শেহতীয়াকৈ গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভূক্ত হৈছে।

গিনীজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ইনষ্টাগ্ৰাম একাউণ্টত শেহতীয়া এটা পষ্টৰ জৰিয়তে এই বিষয়ে ঘোষণা কৰা হৈছে। প্ৰকৃততে, কিশোৰ অৱস্থাত কল্পনাৰ অতিৰিক্ত দাঁতবোৰ এটা এটাকৈ বাঢ়িবলৈ আৰম্ভ কৰিছিল।ইয়াৰ পৰা কোনো ধৰণৰ বিষ নহয় যদিও খাদ্য দাঁতৰ মাজত সোমাই ৰয়। কল্পনাৰ পিতৃ-মাতৃয়ে এই অতিৰিক্ত দাঁতকেইটাৰ বাবে শংকাত ভূগি দাঁতকেইটা সৰাবলৈ দন্ত চিকিৎসকৰ ওচৰলৈ নিছিল।কিন্তু চিকিৎসকে কল্পনা ডাঙৰ হোৱালৈকে অপেক্ষা কৰিবলৈ পৰামৰ্শ দিছিল। কল্পনাৰ এতিয়া চাৰিটা অতিৰিক্ত মেণ্ডিবুলাৰ (তলৰ হনু) দাঁত আৰু দুটা অতিৰিক্ত মেক্সিলাৰী (ওপৰৰ হনু) দাঁত আছে। 

এই অভিলেখ ৰচনা কৰি কল্পনাই প্ৰকাশ কৰে যে, গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ খিতাপ লাভ কৰি তেওঁ স্বাভাৱিকভাৱেই বহুত সুখী। এয়া তেওঁৰ জীৱনজোৰা সাফল্য। উল্লেখ্য যে, পুৰুষৰ শ্ৰেণীত এই খিতাপৰ গৰাকী হৈছে কানাডাৰ ইভানো মেলনে। তেওঁৰ মুঠ ৪১ টা দাঁত আছে।