জীৱন শৈলী

পঞ্জাৱ-হিমাচলৰ বিবাদত চিন্তিত ‘বলীউডৰ কুইন’

Asomiya Pratidin

ডিজিটেল ডেস্ক: ভাৰতৰ দুখন অন্যতম ৰাজ্য পঞ্জাৱ আৰু হিমাচল মাজত চলি থকা বিবাদে এতিয়া সকলোকে চিন্তাত পেলাইছে। প্ৰতি বছৰে এই সময়ছোৱাত বহু সংখ্যক লোকে হিমাচল ভ্ৰমণ কৰে।পৰ্যটনৰ সময়ছোৱাত ৰাজ্যখনত সৃষ্টি হোৱা এনে অশুভ পৰিস্থিতি সন্দৰ্ভত শেহতীয়াকৈ উদ্বেগ প্ৰকাশ কৰিছে হিমাচলৰ মাণ্ডিৰ বিজেপি সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱটে।

প্ৰকৃততে, বিগত কিছুদিনৰ পঞ্জাৱৰ পৰ্যটক আৰু হিমাচলৰ স্থানীয় লোকসকলৰ মাজত মতানৈক্য হৈ আছে। কেইদিনমান পূৰ্বে কিছুমান লোকে কাঙৰা জিলাৰ নুৰপুৰত পৰ্যটকৰ বাহনৰ কাঁচ ভাঙি দিয়ে। একে সময়তে, পঞ্জাৱতো হিমাচলৰ বহু টেক্সি চালকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এনে পৰিস্থিতিত হিমাচলৰ লোকসকল পঞ্জাৱ আৰু পঞ্জাৱৰ লোকসকলক হিমাচললৈ যাবলৈ এতিয়া ভয় কৰা হৈছে।

কংগনাই এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ইনষ্টাগ্ৰামত এটা ষ্ট'ৰী শ্বেয়াৰ কৰি সকলোকে হিমাচলৰ প্ৰকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ নিমন্ত্ৰণ জনাইছে। তেওঁ লেখিছে, 'হিমাচলৰ লোকসকলে আজিলৈকে কেতিয়াও কাকো আমনি কৰা নাই।সকলো হিমাচললৈ আহক। হিমাচলবাসীক ভাল পোৱা আৰু প্ৰশংসা কৰা লোকসকলক আদৰিবলৈ পালে যথেষ্ট সুখী হ’ম।' 

দৰাচলতে, চণ্ডিগড় বিমানবন্দৰত কংগনা ৰাণাৱটৰ সৈতে হোৱা অনাকাংক্ষিত ঘটনাৰ পিছত এই ধৰণৰ ঘটনা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এইটো ধাৰণা কৰা হৈছে যে, হিমাচলৰ মানুহে কংগনাৰ অপমানৰ প্ৰতিশোধ ল'বলৈ পঞ্জাৱৰ জনসাধাৰণৰ সৈতে বিবাদ সৃষ্টি কৰিছে। এনে বহুতো ভিডিঅ' ছ'চিয়েল মেডিয়াত ভাইৰেল হৈ আছে। যাৰ ফলত এতিয়া দুয়োখন ৰাজ্যৰ লোকেই তেওঁলোকৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে।