জীৱন শৈলী

পথ হেৰুৱাই নামী-দামী হোটেলত নিশা কটালে নাহৰফুটুকীয়ে

Asomiya Pratidin

ডিজিটেল ডেস্ক: মানুহৰ ঘৰ-বাৰীৰ চৌহদ নহয়, এইবাৰ নাহৰফুটুকী সোমাল হোটেলৰ কোঠাত। ঘটনাটো জয়পুৰৰ নামী-দামী হোটেল কেচেল কানোটাৰ।এই সমগ্ৰ ঘটনাটোৰ ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।সকলোয়ে এই ভিডিঅ’টো প্ৰত্যক্ষ কৰি স্বাভাৱিকভাৱেই সকলো একপ্ৰকাৰ আচৰিত হৈ পৰিছে।

ভিডিঅ’টোত দেখা পোৱা মতে, হোটেলৰ কোঠাত সোমাই নাহৰফুটুকীটো বিপথগামী হৈ পৰে। কোঠাটোৰ ভিতৰত এখন টেবুলৰ পৰা মজিয়ালৈ জাপ মাৰি নাহৰফুটুকীটো খঙত অগ্নিশৰ্মা হৈ পৰে।ক্ষন্তেকতে নাহৰফুটুকীটোয়ে কোঠাটোৰ বাহিৰত থিয় হৈ থকা মানুহবোৰলৈ খিৰিকীৰে চাই তৰ্জন-গৰ্জন কৰিবলৈও আৰম্ভ কৰে। পাছত স্থানীয় বন বিভাগৰ লোক আহি পৰিস্থিতি শান্ত কৰিবলৈ সক্ষম হয়।কিছু সময়ৰ পাছত বন বিষয়াসকলে বাঘটোক ট্ৰেংকুলাইজ কৰি উদ্ধাৰ কৰে।

এই সন্দৰ্ভত হোটেল কেচেল কানোটাৰ মেনেজাৰ দিলীপ সিঙে প্ৰকাশ কৰা মতে, ‘এই নাহৰফুটুকীটো আমাৰ হোটেলৰ কৰ্মচাৰীৰ কোঠাৰ এখন বিচনাৰ তলত লুকাই আছিল।কিন্তু নাহৰফুটুকীটোয়ে হোটেলৰ কোনো কৰ্মচাৰীৰ একো ক্ষতি কৰা নাই। কিয়নো নাহৰফুটুকীটো কোঠাটোত প্ৰৱেশ কৰাৰ সময়ত তাত কোনো লোক উপস্থিত নাছিল। হোটেলখনৰ ওচৰতো একো অৰণ্য নাই। ঠাণ্ডা বতৰৰ বাবে হয়তো নাহৰফুটুকীটোয়ে পথ হেৰুৱাই এনেদৰে কোঠাত সোমাই পৰে।’ উল্লেখ্য যে, ট্ৰেংকুলাইজ কৰাৰ পাছত নাহৰফুটুকীটোক প্ৰাথমিক চিকিৎসা কৰি অৰণ্যত এৰি দিয়া হয়।