জীৱন শৈলী

এয়া বিশ্বৰ প্ৰথম ঘটনা, অজগৰৰ গাত হোৱা পেলু হ'ল মানুহৰ মগজুত

Asomiya Pratidin

ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্ববাসীক আচৰিত কৰি তোলা এক ঘটনা সংঘটিত হৈছে অষ্ট্ৰেলিয়াত। হয়, এগৰাকী ৬৪ বছৰীয়া এগৰাকী ইংৰাজ মহিলাৰ মগজুৰ পৰা অস্ত্ৰোপচাৰৰ জৰিয়তে উলিওয়া হৈছে ৩ ইঞ্চিৰ এটা জীৱিত পেলু।এই ভয়ানক অস্ত্ৰোপচাৰটো কৰিছে নিউৰোচাৰ্জন ডাঃ হৰি প্ৰিয়া বান্দীয়ে।

মগজুত পেলু হোৱা এয়া হৈছে বিশ্বৰ প্ৰথম ঘটনা । মহিলাগৰাকীৰ সঘনাই অসুস্থ হৈ থকাত প্ৰথম অৱস্থাত এই বিষয়ে ধৰা পৰা নাছিল যদিও পাছত বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত তেওঁৰ মগজুত পেলু থকা এই ভয়াৱহ ঘটনা পোহৰলৈ আহিছিল। অষ্ট্ৰেলিয়ান নেচনেল ইউনিভাৰ্চিটি আৰু কেনবৰা হাস্পতালৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, আণৱিক পৰীক্ষাত নিশ্চিত হৈছে যে এই পেলু বিধ অফিডাস্কাৰিছ ৰবাৰ্টচি, যি সচৰাচৰ অজগৰৰ শৰীতহে পোৱা যায়। যিকোনো স্তন্যপায়ী প্ৰজাতিৰ মগজুত এই পেলু ওলোৱা এই ঘটনা বিশ্বৰ প্ৰথম ঘটনা।

গৱেষকসকলে জনোৱা মতে, এই মহিলাগৰাকী দক্ষিণ-পূব নিউ চাউথ ৱেলছৰ হ্ৰদ অঞ্চলৰ ওচৰত বাস কৰিছিল।যাৰ ওচৰে-পাজৰে অজগৰৰ ত্ৰাস আছিল যদিও এই সৰীসৃপৰ সৈতে মহিলাগৰাকীৰ কোনো  পোনপটীয়া সম্পৰ্ক নাছিল। মহিলাগৰাকীয়ে ঘৰৰ বাগিচাৰ পৰা খোৱা শাক-পাচলি অথবা ফৰিঙৰ জৰিয়তে তেওঁৰ শৰীৰত এই পেলু প্ৰৱেশ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে গৱেষকসকলে।

এই ভুক্তভোগী মহিলাগৰাকী প্ৰথমতে সম্পূৰ্ণ তিনি সপ্তাহ পেটৰ বিষ আৰু ডায়েৰিয়াত ভুগি ২০২১ চনৰ জানুৱাৰীৰ শেষৰ ফালে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তাৰ পিছত তেওঁৰ নিৰন্তৰ শুকান কাহ, জ্বৰ আৰু নিশা ঘাম ওলোৱা হৈছিল। কেইবামাহৰ পিছত তেওঁৰ এই লক্ষণবোৰ সলনি হৈ তীব্ৰ হতাশাত ভূগিছিল। তেতিয়াই তেওঁক অষ্ট্ৰেলিয়াৰ ৰাজধানীৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল, য'ত এম.আৰ.আই. স্কেন কৰাত তেওঁৰ মগজুৰ সোঁফালে অস্বাভাৱিক কিবা থকাৰ বিষয়ে পোহৰলৈ আহিছিল।