জীৱন শৈলী

মাখনাৰ পেকেটত ওলাল পোক, ফ্লিপকাৰ্টৰ বিৰুদ্ধে গৰজি উঠিল উপভোক্তা

Asomiya Pratidin

ডিজিটেল ডেস্ক: কাৰণ লাগিলে যিয়েই হওঁক, আজিকালি অধিকাংশ লোকেই অনলাইন যোগে খাদ্য সামগ্ৰী ক্ৰয় কৰে।কিন্তু শেহতীয়াকৈ এনে এক ঘটনাৰ বিষয়ে পোহৰলৈ আহিছে, যিয়ে আপোনাক অনলাইনযোগে সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত দুবাৰ ভাবিবলৈ বাধ্য কৰাব।হয়, অনলাইযোগে ক্ৰয় কৰা সামগ্ৰীত ওলাইছে পোকেই পোক।

শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত এটা বিশেষ প’ষ্ট ভাইৰেল হৈ পৰিছে আৰু সকলো ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়েই অনলাইন এপ ফ্লিপকাৰ্টৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে।প্ৰকৃততে, দুদিন পূৰ্বে সিদ্ধাৰ্থ শ্বাহ নামৰ এজন লোকে টুইটাৰক পোকে ধৰা মাখনাৰ ফটো প’ষ্ট কৰি লেখে যে, ‘মই ফ্লিপকাৰ্টৰ পৰা মাখানা অৰ্ডাৰ দিছিলো। যেতিয়া মই পেকেটটো খুলিছিলো, প্ৰতিটো মাখনাতে পোকৰে ভৰি আছিল।স্বাভাৱিকভাৱেই মই আচৰিত হৈছিলো। তদুপৰি, সেই অৰ্ডাৰটোৰ বাবে কোনো ৰিটাৰ্ণ পলিচীও নাই।’ এই প’ষ্টটোৰ সৈতে সিদ্ধাৰ্থ শ্বাহে তেওঁৰ অৰ্ডাৰ নম্বৰটোও উল্লেখ কৰিছিল।

অৱশ্যে, এই সমগ্ৰ বিষয়টোত ফ্লিপকাৰ্ট খুব সোনকালেই সঁহাৰি জনাইছিল।সিদ্ধাৰ্থ শ্বাহৰ এই প’ষ্টটোৰ পাছতে ফ্লিপকাৰ্টে তেওঁক মাখনা পেকেটটোৰ মূল্য ঘূৰাই দিছিল। টকা ঘূৰাই দিলেও কিন্তু ফ্লিপকাৰ্টৰ বিৰুদ্ধে বহু উপভোক্তাই ছ’চিয়েল মেডিয়াতে মুকলিকৈ যথেষ্ট ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

এজনে লেখিছে, ‘ভাই, ফ্লিপকাৰ্টৰ পৰা কেতিয়াও খাদ্য সামগ্ৰী অৰ্ডাৰ নকৰিব। মোৰ ক্ষেত্ৰতো একেই ঘটিছিল। তেওঁলোকে এটা ম্যাদ উকলি যোৱা সামগ্ৰী মোলৈ প্ৰেৰণ কৰিছিল।’ আন এজনে আকৌ ফ্লিপকাৰ্টত খাদ্য সামগ্ৰী ক্ৰয় নকৰিবলৈ সকলোকে আহ্বান জনাইছে। আনহাতে, একাংশই ‘কিছুমান সামগ্ৰী অফলাইনত ক্ৰয় কৰাটো সৰ্বশ্ৰেষ্ঠ’ বুলিও নিজৰ মত প্ৰকাশ কৰিছে।