জীৱন শৈলী

আপুনিও নতুন বছৰটোক বিশেষভাৱে আদৰাৰ পৰিকল্পনা কৰিছে নেকি ?

Asomiya Pratidin

ডিজিটেল ডেস্ক: বছৰটো শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী।পুৰণি বছৰক বিদায় আৰু নতুন বছৰটোক ভালদৰে আদৰণি জনাবৰ বাবে অধিকাংশ লোকেই এই সময়ছোৱাত ভ্ৰমণৰ পৰিকল্পনা কৰে। যদি আপুনিও এই নতুন বছৰত ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে আপুনি খুব কম খৰচতে ভাৰতৰ কেইখনমান অতি মনোমোহা ঠাই ভ্ৰমণ কৰি আহিব পাৰে।এই ঠাইকেইখন হৈছে-

মানালী 

নৱবৰ্ষত হিমাচল প্ৰদেশ ভ্ৰমণ কৰাৰ বাবে মানালী এক অতি ভাল বিকল্প।মানালীৰ সৌন্দৰ্য বৃদ্ধি কৰা পৰ্বত আৰু পাইন গছবোৰে আপোনাক এক বেলেগ শান্তি প্ৰদান কৰিব। এই ঠাইখনক ৰঙীন ফুলৰ উপত্যকা বুলিও কোৱা হয়। ডিচেম্বৰত-জানুৱাৰীত ইয়াত ভিৰও কম।সেয়েহে, যদি আপুনি নতুন বছৰটোৰ আৰম্ভণি বিশেষভাৱে কৰিবলৈ বিচাৰে, আপুনি মানালী লৈ যাব পাৰে। 

গোৱা

যদি আপুনি আপোনাৰ নতুন বছৰটো সাগৰৰ পাৰত কটাব বিচাৰে তেন্তে গোৱা আপোনাৰ বাবে সঠিক বিকল্প হ'ব পাৰে। য'ত আপুনি আপোনাৰ নতুন বছৰটো সুন্দৰ সমুদ্ৰ তীৰ, গছ, সেউজীয়া সমুদ্ৰ তীৰ আৰু ঐতিহাসিক গীৰ্জাবোৰৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিব পাৰে।গোৱাত ৩১ ডিচেম্বৰৰ নিশা নতুন বছৰটোক আদৰাৰ বাবে ক্লাব আৰু পাবত মহা আড়ম্বৰৰে অনুষ্ঠি হয়।

চিমলা 

হিমাচলৰ ৰাজধানী চিমলাও নতুন বছৰত ভ্ৰমণ কৰাৰ বাবে এক অতি উত্তম ঠাই।আপুনি ইয়াত বৰফ আৰু সেউজীয়া উপত্যকাৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে।ছিমলাত ডিচেম্বৰ-জানুৱাৰীত তুষাৰপাত হয়। সেয়েহে, নতুন বছৰটো স্মৰণীয় কৰি তুলিবলৈ ছিমলাতকৈ ভাল বিকল্প থাকিব নোৱাৰে। 

উদয়পুৰ 

উদয়পুৰক 'লেক চিটি' বুলিও কোৱা হয়।আনহাতে, ইয়াত থকা ঐতিহাসিক প্ৰাসাদৰ সৌন্দৰ্যই আপোনাৰ হৃদয় জয় কৰিব। ৩১ ডিচেম্বৰৰ নিশা ইয়াত এখন মেলা অনুষ্ঠিত হয়, যিয়ে গোটেই বছৰটোক আৰু অধিক বিশেষ কৰি তোলে।

দিল্লী 

আপুনি নতুন বছৰত ভাৰতৰ ৰাজধানী দিল্লীও ভ্ৰমণ কৰিব পাৰে। ইয়াৰ সংস্কৃতি, কলা আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ বহু দূৰদূৰণিৰ পৰা আহে।দিল্লীত আপুনি ঐতিহাসিক লালকিল্লা, কুতুব মিনাৰ, অক্ষৰধাম মন্দিৰ, কালকা জী, ল’টাছ টেম্পল, ইণ্ডিয়া গেটৰ দৰে বহুতো পৰ্যটন স্থান দৰ্শন কৰিব পাৰে।