জীৱন শৈলী

চিৰযৌৱনা হৈ থাকিবলৈ আম্বানী পত্নীয়ে ব্যৱহাৰ কৰে এই বিশেষ বটল

Asomiya Pratidin

ডিজিটেল ডেস্ক: পুত্ৰ আকাশ আম্বানীৰ বিয়াৰ দিন ঠিক হোৱাৰ পৰাই চৰ্চাৰ শীৰ্ষত আছে ভাৰতীয় বিলিয়নাৰ মুকেশ আম্বানী তথা আম্বানীৰ সমগ্ৰ পৰিয়াল।শেহতীয়াকৈ আম্বানী পৰিয়ালে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ দ্বিতীয় 'প্ৰী ৱেডিং' কাৰ্যসূচী ইটালীৰ বিলাসী ক্ৰুজত অনুষ্ঠিত হৈ যায়।দুয়োটা 'প্ৰী ৱেডিং' অনুষ্ঠানতে আটাইতকৈ ট্ৰেণ্ডিং হৈছে মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীৰ ফেশ্বন। নীতা আম্বানীয়ে কি পিন্ধে, কি খায় এই সকলোবোৰ খুব চৰ্চা লাভ কৰিছে।তেওঁ চাহ খায় ৩ লাখ টকীয়া কাপত আৰু পিন্ধে ৫০০ কোটিৰ নেকলেছ।

নীতা আম্বানীৰ পানী খোৱা বটলটোও অতি বিশেষ। জনপ্ৰিয় মেক্সিকান ডিজাইনাৰে এই বটলটো ডিজাইন কৰিছে। এই বটলটো ডিজাইনাৰ ফাৰ্নাণ্ডো আলটামিৰানোৰ দ্বাৰা ডিজাইন কৰা হৈছিল। যাক 'একুৱা দি ক্ৰিষ্টেলো ট্ৰিবুটো এ মোডিগ্লিয়ানি' বুলি কোৱাহয়। এই পানীত ২৪ কেৰেট সোণৰ কণা, ফিজি আৰু ফ্ৰান্সৰ প্ৰাকৃতিক স্প্ৰিং পানী আইচলেণ্ডৰ হিমবাহৰ পানী আৰু ২৩ কেৰেট সোণ আছে। এই সোণৰ স্প্ৰিং পানী খালে ছালৰ স্বাস্থ্য বিশেষভাৱে উন্নত হয়।

এই বটলটোৰ মূল্য ৪৯ লাখ টকা। ২০১৫ত আই পি এল খেলত আম্বানী পত্নীক নিয়মীয়াকৈ পানীৰ বটলৰ সৈতে বৰকৈ দেখা গৈছিল। উল্লেখ্য যে, নীতা আম্বানীয়ে বয়সক হাতৰ মুঠিত ৰাখিবলৈ হেনো এই বিশেষ বটলটোৰ পানী ব্যৱহাৰ কৰে।