এটা নহয়, বহু ৰোগৰ ঔষধ ‘ব্লেক’ কফি 
জীৱন শৈলী

এটা নহয়, বহু ৰোগৰ ঔষধ ‘ব্লেক’ কফি

Asomiya Pratidin

ডিজিটেল ডেস্ক: কফিত পৰ্যাপ্ত পৰিমাণৰ কেফেইন থাকে, যি এণ্টি-অক্সিডেণ্টত সমৃদ্ধ।ব্লেক কফি সেৱন কৰি আপুনি শৰীৰৰ বহুতো গুৰুতৰ ৰোগৰ পৰা আঁতৰি থাকিব পাৰে।কফিত মেগনেছিয়াম, ভিটামিন বি৩, মেংগানিজ, পটাছিয়াম, ভিটামিন বি৫, ভিটামিন বি২ থাকে।যিয়ে আমাৰ মগজুক ভালদৰে কাম কৰাত সহায় কৰে। ব্লেক কফি সেৱনৰ গুণাগুণ বোৰৰ বিষয়ে আজি জানো আহক-

হতাশাৰ পৰা সকাহ

ব্লেক কফিয়ে হতাশা, উদ্বেগ, চাপ উপশম কৰে। ইয়াত থকা কেফেইনে আপোনাৰ মগজু আৰু স্নায়ুতন্ত্ৰ দুয়োকে উত্তেজিত কৰি ৰাখে। ই শৰীৰত তাপ সৃষ্টি কৰি ওজন বৃদ্ধি কৰাতো সহায়ক। ব্লেক কফিৰ আটাইতকৈ ডাঙৰ গুণটো হ'ল যে ই আপোনাক সক্ৰিয় কৰি ৰখাৰ সমান্তৰালভাৱে শৰীৰক শক্তিও প্ৰদান কৰে।সেয়েহে ব্যায়াম কৰাৰ আগতে আপুনি এক কাপ ব্লেক কফি সেৱন কৰিব পাৰে।

হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখে 

দৈনিক একৰ পৰা দুই কাপ ব্লেক কফি সেৱনে হৃদআক্ৰমণৰ আশংকা হ্ৰাস কৰে।  ইয়াৰ লগতে, ব্লেক কফি খালে শৰীৰৰ ভিতৰত যিকোনো প্ৰকাৰৰ প্ৰদাহ হ্ৰাস হয়।

ডায়েবেটিচৰ আশংকা হ্ৰাস

ব্লেক কফিয়ে ডায়েবেটিচৰ আশংকা হ্ৰাস কৰাত সহায় কৰে। ই শৰীৰত ইনচুলিন উৎপাদনত গুৰুতৰ ভূমিকা গ্ৰহণ কৰে।

যকৃতৰ বাবে উপকাৰী

যকৃতক আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ বুলি গণ্য কৰা হয়, কিয়নো ই বহুতো কাৰ্য সম্পাদন কৰে। ব্লেক কফিয়ে যকৃতৰ কৰ্কট ৰোগ, হেপাটাইটিছ, চৰ্বিযুক্ত যকৃত আৰু এলকহলিক চিৰোচিছৰ দৰে ৰোগৰ পৰা মুক্ত কৰে।

ই আপোনাক সুখী কৰি ৰাখে

ব্লেক কফিয়ে আমাৰ মনোভাৱ উন্নত কৰাৰ লগতে আবেগৰ পৰা আতৰাই ৰাখে।ই আপোনাৰ মগজুৰ অংশবোৰ সক্ৰিয় কৰে।

উদ্যমী কৰাত সহায়ক

কফিত পৰ্যাপ্ত পৰিমাণৰ কেফেইন থাকে, যিয়ে আপোনাক উদ্যমী আৰু সতেজ অনুভৱ কৰাত সহায় কৰে। ই স্নায়ুতন্ত্ৰক উদ্দীপিত কৰাৰ লগতে মগজুক দ্ৰুতগতিত কাম কৰায়।সেয়েহে দৈনিক ক'লা কফি খাবই লাগে।

স্মৃতি শক্তি বৃদ্ধিত কাৰ্যকৰী

বয়স বৃদ্ধি হোৱাৰ লগে লগে বহুলোকৰ মগজু দুৰ্বল হৈ পৰে। যাৰ ফলত আলঝেইমাৰ আৰু পাৰ্কিনছনৰ দৰে ৰোগৰ আশংকা থাকে। ব্লেক কফি খোৱাটোয়ে এই ৰোগবোৰৰ পৰা পৰিত্ৰাণ পোৱাত সহায়ক হ'ব পাৰে। ই আপোনাৰ স্মৃতি শক্তি আৰু বস্তুবোৰ চিনাক্ত কৰাৰ ক্ষমতা বৃদ্ধি কৰে। 

'ব্লেক' কফি কেনেদৰে বনাব লাগে জানেনে ?

যদি আপুনি 'ব্লেক' কফি খাব বিচাৰে, তেন্তে প্ৰথমে একাপ পানী উতলাই তাত ১ চাহ চামুচ কফি মিহলি কৰক।আপোনাৰ 'ব্লেক' কফি সাজু। কিন্তু খালী পেটত কেতিয়াও ইয়াক সেৱন নকৰিব।