চুলিত পিঁয়াজৰ বাকলি কিদৰে ব্যৱহাৰ কৰিব পাৰি জানি লওঁক 
জীৱন শৈলী

চুলিত পিঁয়াজৰ বাকলি কিদৰে ব্যৱহাৰ কৰিব পাৰি জানি লওঁক

Asomiya Pratidin

ডিজিটেল ডেস্ক: পিঁয়াজৰ বাকলি আমাৰ চুলিৰ বাবে যথেষ্ট উপকাৰী।পিঁয়াজত ভিটামিন এ, চি আৰু ই পোৱা যায়। যাৰ বাবে ই পকা চুলি ক'লা কৰাত যথেষ্ট সহায় কৰে।পিঁয়াজ ব্যৱহাৰ কৰিলে চুলি উজ্জ্বল, শক্তিশালী আৰু ঘন হয়। যদি আপোনাৰ চুলিও কম বয়সতে পকিছে, তেনেহ'লে আপুনি আপোনাৰ চুলি ক'লা কৰিবলৈ পিয়াজৰ বাকলিৰ চুলিত প্ৰয়োগ কৰিব পাৰে। আজি এই বিষয়ে জানো আহক-

চুলিত পিঁয়াজৰ বাকলি কিদৰে ব্যৱহাৰ কৰিব

১) গেছটো অন কৰক আৰু এটা কেৰাহিত চাৰি-পাঁচটা পিঁয়াজৰ বাকলি লওঁক।

২) বাকলিখিনি লৰাই থাকিব আৰু অলপ মুগা ৰঙৰ হ'বলৈ আৰম্ভ কৰিলে গেছটো বন্ধ কৰি দিব।

৩) এতিয়া এই বাকলিখিনি মিক্সিত পিছি এটা পেষ্ট বনাই লওঁক।

৪) এই পেষ্টটো এটা বাটিত উলিয়াই লৈ তাত পিয়াজ তেল আৰু তিল তেল ভালদৰে মিহলি কৰক।

৫) এতিয়া এই পেষ্টটো এটা পাত্ৰত ভৰাই লওঁক।

৬) সপ্তাহত তিনি-চাৰিবাৰকৈ এই পেষ্টটো পকা চুলিত ব্যৱহাৰ কৰিব।

এইদৰে প্ৰতিহত কৰক পকা চুলি

১) আপোনাৰ আহাৰত আমলখি, ডালিম, আনাৰস, পালেং শাক তথা সেউজীয়া পাচলি অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব।

২) আমলখি, নৰসিংহ পাত আৰু জেতুকা পাতৰ পেষ্ট বনাই লৈ মাহত কমেও দুবাৰ চুলিত প্ৰয়োগ কৰিব।

৩) গ্ৰীষ্মকালত প্ৰায় প্ৰতিদিনে চুলি ছেম্পুৰে ধুব। চেম্পু কৰাৰ ৩০ মিনিট আগতে তেল লগাব।

৪) যদি আপোনাৰ চুলি শুকান, তেন্তে সপ্তাহত ৩ বাৰ তেল চুলিত তেল লগাব।

পিঁয়াজৰ বাকলিৰ লাভালাভ 

পিঁয়াজত ছালফাৰৰ গুণাগুণ পোৱা যায়। সেয়েহে ই মূৰৰ ছাল স্বাস্থ্যৱান ৰখাত সহায় কৰে। মূৰৰ ছালৰ ৰক্ত সঞ্চালন সঠিক কৰি ৰখাই হওঁক বা চুলি স্বাস্থ্যৱান ৰখাই হওঁক, ইয়াক সকলোৰে বাবে সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। পিয়াজৰ তুলনাত বাকলিবোৰ অধিক পুষ্টি সমৃদ্ধ।সেয়েহে, পকা চুলি বুলিয়েই নহয়, চুলিৰ আন সমস্যাবোৰ সমাধান কৰিবলৈও আপুনি চুলিত পিঁয়াজৰ বাকলি ব্যৱহাৰ কৰিব পাৰে।