জীৱন শৈলী

আৰম্ভণিৰ পৰাই আপোনাৰ সন্তানক এইসমূহ দিশত শিক্ষা দিয়ক

Asomiya Pratidin

ডিজিটেল ডেস্ক: জীৱনটোত এগৰাকী প্ৰকৃত বন্ধুৰ গুৰুত্ব কি, সেয়া হয়তো শব্দৰে প্ৰকাশ কৰা সম্ভৱ নহয়।বুজা-নুবুজা বয়সৰ পৰা বৃদ্ধ বয়সলৈ সকলোয়েই বন্ধুত্বৰ এনাজৰীৰে সমৃদ্ধ হৈ থাকে।বন্ধুত্ব সকলোৰে লগত হ’ব পাৰে, কিন্তু প্ৰকৃত্ব বন্ধুৰ সম্পৰ্ক এটা গঢ়ি তোলোতো বা লাভ কৰাটো খুবেই কঠিন।সেয়েহে সৰুতেই শিশুসকলক বন্ধুত্ব সম্পৰ্কে অভিভাৱকসকলে এটা ধাৰণা দিব লাগে আৰু প্ৰকৃত বন্ধু বাচিবলৈ কেতবোৰ পৰামৰ্শও আগবঢ়াব লাগে।আজি এই বিষয়ে জানো আহক- 

শিশুক কথা কোৱাৰ সঠিক উপায় শিকাওঁক 

অভিভাৱকসকলে তেওঁলোকৰ সন্তানক সৰুৰে পৰাই বন্ধুত্বৰ অৰ্থ আৰু বন্ধুৰ সৈতে সঠিকভাৱে কথা পাতিবলৈ শিকাব লাগে।যদি আপোনাৰ সন্তানে সহপাঠীৰ সৈতে বন্ধুত্ব কৰিব বিচাৰে, তেন্তে  দৈনিক ভালকৈ কথা পাতিবলৈ শিকাব।ই তেওঁলোকৰ বন্ধুত্ব গভীৰ কৰিব। 

সন্মান কৰিবলৈ শিকাওঁক 

আপুনি আপোনাৰ সন্তানক শিকাওঁক যে তেওঁলোকে যাতে বন্ধুবৰ্গক সন্মান কৰে।পিতৃ-মাতৃয়েই হৈছে শিশু এটাৰ প্ৰথম গুৰু, সেয়েহে তেওঁলোকক আনক সন্মান কৰিবলৈ শিকাওঁক। তেওঁলোকক শিকাব যে সকলো বিষয়তে কাৰোবাক উপহাস কৰাটো উচিত নহয়। কথা-বতৰাত কাৰোবাক উপহাস কৰিলে তেওঁলোকে আঘাত পাব পাৰে।সেয়েহে সদায় আনৰ অনুভূতিক সন্মান কৰিবলৈ শিকাব।

ভাগ-বতৰা কৰাটোও প্ৰয়োজনীয় 

শিশুসকলক সামগ্ৰীৰ ভাগ-বতৰা কৰাৰ অভ্যাসো সৰুৰে পৰাই শিকাব লাগে। ভাগ-বতৰা কৰাটো ভাল ব্যক্তিত্বৰ লক্ষণ।তদুপৰি, শিশুৱে ভাগ বতৰা কৰাৰ জৰিয়তে নতুন বন্ধুত্বৰ সম্পৰ্ক গঢ়িব পাৰে।সেয়েহে, আপুনি আপোনাৰ সন্তানক সহপাঠীৰ সৈতে পেঞ্চিল, ৰবৰ অথবা খাদ্য ভাগ-বতৰা কৰিবলৈ শিকাব।

আনক সহায় কৰা

যদি আপোনাৰ সন্তানে সৰৰে পৰাই সকলোকে সহায় কৰিবলৈ শিকে, তেতিয়া তেওঁলোক ভৱিষ্যতে আৰু অধিক উন্নত ব্যক্তিত্বৰ মানুহ হ'বলৈ সক্ষম হ'ব। তেওঁলোকক বুজাই দিব যে যদি সহপাঠীয়ে অধ্যয়ন বা ক্ৰীড়া সম্পৰ্কীয় কোনো সহায় বিচাৰে, তেন্তে তেওঁলোকক সহায় কৰা উচিত।তদুপৰি, শিশুসকলক তেওঁলোকৰ বন্ধুবৰ্গক অনুপ্ৰাণিত কৰিবলৈ শিকাওঁক। আপুনি সঁচা বন্ধুত্বৰ সৈতে সম্পৰ্কিত কাহিনীবোৰ কৈ শিশুসকলক অনুপ্ৰাণিত কৰিব পাৰে। 

সততা

আপোনাৰ সন্তানক শিকাব যে, যিকোনো সম্পৰ্কৰ বাবে সততা আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু।যদি সম্পৰ্কত সততা থাকে, তেন্তে সেই সম্পৰ্ক আৰু অধিক দীঘলীয়া হ'ব। ইয়াৰ বাহিৰেও এজন  বন্ধুৱে কোৱা কথাবোৰ আন বন্ধুবৰ্গৰ সৈতে ভাগ বতৰা নকৰিবলৈও আপোনাৰ সন্তানক শিকাব।তদুপৰি, প্ৰতিটো কঠিন সময়ত বন্ধুক সমৰ্থন কৰিবলৈও তেওঁলোকক শিকাব, যি এক ভাল সম্পৰ্কৰ ভেঁটি। 

সঠিক বন্ধু বাছনি কৰিবলৈ শিকাওঁক 

শিশুসকলক কওঁক যে তেওঁলোকৰ বন্ধু এনে এজন ব্যক্তি যি কেতিয়াও তেওঁলোকৰ পিঠিৰ পিছফালে বেয়া নকৰে। তেওঁলোকক সকলো সময়তে সমৰ্থন কৰক।ভাল বন্ধুত্বত এজনে আনজনক ভাল কামৰ বাবে উৎসাহিত কৰা আৰু ভুল কাম কৰাত বাধা দিয়া উচিত। বন্ধুৰ সৈতে কথা পাতোতে কেতিয়াও মিছা কথা নক’বলৈ, বন্ধুত্বৰ সম্পৰ্কত গৌৰৱ তথা প্ৰশংসা কৰিবলৈও আপুনি সন্তানক শিকাব।