জীৱন শৈলী

ভয়াৱহ প্ৰদূষণৰ কৱলৰ পৰা নিজকে কিদৰে ৰক্ষা কৰিব, জানি লওঁক

Asomiya Pratidin

ডিজিটেল ডেস্ক: দিল্লীকে ধৰি দেশৰ অধিকাংশ ৰাজ্যতে বায়ু প্ৰদূষণ পুনৰ বৃদ্ধি পাইছে। শেহতীয়া প্ৰতিবেদন অনুসৰি, দিল্লীৰ প্ৰদূষণৰ স্তৰ একিউআই ৪০০ অতিক্ৰম কৰিছে। অত্যাধিক প্ৰদূষণৰ ফলত এতিয়া বহু বাহন চলাতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।কেৱল দিল্লীয়েই নহয়, সমগ্ৰ ভাৰততে এতিয়া বায়ু বিষাক্ত হৈ পৰিছে, যিয়ে মানুহৰ স্বাস্থ্যক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে। বায়ু প্ৰদূষণত পোৰা কণা আৰু বিপদজনক বিষাক্ত উপাদানবোৰ হাঁওফাঁওৰ মাজেৰে শৰীৰত উপস্থিত হৈ শৰীৰটোক দুৰ্বল কৰি তোলে। ইয়াৰ ফলত হাপানিকে ধৰি বহুতো শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ জন্ম হয়।সেয়েহে এই বিষাক্ত বায়ুৰ পৰা নিজকে সুৰক্ষিত ৰখাটো খুবেই দৰকাৰী। বায়ু প্ৰদূষণৰ পৰা নিজকে কিদৰে ৰক্ষা কৰিব পাৰি, আজি জানো আহক-

মাস্ক পিন্ধিহে ঘৰৰ পৰা ওলাব

এতিয়া শুকান বতৰ। এই সময়ছোৱাত বায়ুত বহু বিষাক্ত কণা পোৱা যায়। গতিকে ঘৰৰ পৰা ওলোৱাৰ আগতে মাস্ক পৰিধান কৰিব।মাস্ক পিন্ধিলে প্ৰদূষণৰ কণাবোৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব।আনকি শিশুসকলকো মাস্ক পিন্ধাইহে বিদ্যালয়লৈ পঠিয়াব।মনত ৰাখিব যাতে এই মাস্ক উন্নত মানদণ্ডৰ হয়।

নিজকে হাইড্ৰেটেড ৰাখিব 

বায়ু প্ৰদূষণৰ পৰা নিজকে বচাই ৰখাৰ এটা উৎকৃষ্ট উপায় হ'ল পৰ্যাপ্ত পানী খোৱা। ই আপোনাক হাইড্ৰেটেড কৰি ৰখাৰ লগতে আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব। পানী খালে শৰীৰৰ সকলো বিষাক্ত উপাদান প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰলৈ ওলাই যায়।

ঘৰত এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰিব

এই সময়ত বায়ুয়ে ভিতৰৰ পৰিৱেশো বিষাক্ত কৰিব পাৰে। সেয়েহে বায়ুৰ মানদণ্ড বজাই ৰখাটো গুৰুত্বপূৰ্ণ। ঘৰৰ বায়ু বিশুদ্ধ কৰিবলৈ আপুনি এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰিব।

খোজ কাঢ়োঁতে এইসমূহ দিশত মন দিব

শীতকালত যিসকলে ৰাতিপুৱা আৰু সন্ধিয়া খোজ কাঢ়ে তেওঁলোক বিশেষভাৱে সাৱধান হোৱা উচিত।বায়ু প্ৰদূষণ বৃদ্ধি হোৱা কেইদিন পাৰিলে খোজ কঢ়াটো বন্ধ কৰিব লাগে বা মাস্ক পিন্ধি  খোজ কাঢ়িব লাগে।

আহাৰৰ প্ৰতি মনোযোগ দিব

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী ৰাখিবলৈ সঠিক আহাৰ গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয়।এই সময়ত বজাৰত বহুতো সেউজীয়া পাচলি উপলব্ধ।সেয়েহে এইকেইদিনত যিমান পাৰে সেউজীয়া শাক-পাচলি, ফল-মূল খাব।