জীৱন শৈলী

বয়সৰ চাপ পৰাৰ পৰা ছালখনক এইদৰে দিয়ক সুৰক্ষা

Asomiya Pratidin

ডিজিটেল ডেস্ক: বৰ্ধিত বয়সৰ লগে লগে ছালৰ কোলাজেনৰ লগতে প্ৰাকৃতিক তেল আৰু ইলাষ্টিনো হ্ৰাস হ'বলৈ আৰম্ভ কৰে। যাৰ ফলত মুখৰ ছাল শুকান আৰু কোঁচ খোৱাৰ লগতে সূক্ষ্ম ৰেখা ওলায়। যদি আপুনি ছালখনক সকলো সমস্যাৰ পৰা বচাই ৰাখিবলৈ বিচাৰে, তেন্তে কেতবোৰ বিশেষ দিশত সতৰ্ক হ’ব লাগিব।ছালখনক সমস্যামুক্ত কৰ ৰাখিবলৈ ছালত কি প্ৰয়োগ কৰিব লাগে, আজি এই বিষয়ে ভালদৰে জানো আহক-

ক্লিনজাৰ

দিনটোৰ কাম-কাজৰ বাবে ধূলি-মাকতি লাগি ছালখন লেতেৰা হৈ পৰে।সেয়েহে আপুনি দিনটোৰ অন্তত ছালত মৃদু ক্লিনজাৰ ব্যৱহাৰ কৰিব। যিয়ে ছালৰ পৰা লেতেৰাবোৰ পৰিস্কাৰ কৰিব পাৰে। কিন্তু মনত ৰাখিব যে ক্লিনজাৰটো আপোনাৰ ছালৰ প্ৰকাৰৰ লগত মিলে। লগতে, শোৱাৰ আগতে আৰু উঠাৰ পিছত সাধাৰণ পানীৰে মুখখন পৰিস্কাৰ কৰিবলৈ নাপাহৰিব। 

ভিটামিন-চি ক্ৰীম

২০ বছৰ বয়সৰ পিছত মুখত শালমইনা, ডাঠ দাগে দেখা দিয়ে।এনে পৰিস্থিতিত আপুনি ভিটামিন-চি ক্ৰীমৰ উপৰিও মুখত ভিটামিন-চি চিৰাম ব্যৱহাৰ কৰিব। চিৰামে ছালৰ বয়স বৃদ্ধি আৰু ডাঠ দাগ হ্ৰাস কৰাৰ কাম কৰে।ৰাতিপুৱা মুখ ধোৱাৰ পিছত ইয়াক ব্যৱহাৰ কৰিলে আপুনি উত্তম ফল লাভ কৰিব পাৰে।

ছানস্ক্ৰীণ

আমি ঘৰৰ বাহিৰলৈ ওলালে ইউভি ৰশ্মিৰ প্ৰভাৱ আমাৰ গাত পোনপটীয়াকৈ পৰে। সেয়েহে, যেতিয়াই আপুনি ঘৰৰ বাহিৰলৈ যায়, ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব। কিন্তু মনত ৰাখিব যে আপোনাৰ ছালৰ প্ৰকাৰ অনুসৰি ছালত ছানস্ক্ৰীণটো বাচনি কৰিব।

স্ক্ৰাব

মুখৰ মৃত কোষবোৰ পৰিস্কাৰ কৰাৰ বাবে সপ্তাহত এবাৰ স্ক্ৰাব কৰাটো অতি গুৰুত্বপূৰ্ণ। স্ক্ৰাবৰ ফলত ছালখন উজ্জ্বল দেখাই নহয়, ই ছালৰ মৃত কোষ পৰিস্কাৰ কৰাটো যথেষ্ট সহায়ক।